ৰঙীন ৰাখীৰে উদ্ভাসিত হ'ল আনন্দ মিশ্ৰ! শ্বেয়াৰ কৰিলে মনোৰম আলোকচিত্ৰ

Jyoti Borah September 01, 2023

ডিজিটেল ডেস্কঃ চলিত বছৰৰ ৩০ আগষ্টত পবিত্ৰ ৰাখী পূৰ্ণিমা আৰম্ভ হয়।। এই পূৰ্ণিমাতে উদযাপন কৰা হয় ৰাখীবন্ধন। ৰাখী বন্ধনৰ পূৰ্ণিমা তিথি ৩০ আগষ্টৰ পুৱা ১০.৪৮ বজাৰ পৰা আৰম্ভ হৈ ৩১ আগষ্ট পুৱা ৭.০৬ বজালৈ আছিল। অৰ্থাৎ দুদিন ধৰি উদযাপন হয় ৰাখীবন্ধন উৎসৱ।

ৰাখী নহয় কেৱল এডাল ৰঙীন সূতা। ৰাখীয়ে কটকটীয়া কৰে ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ বান্ধোন। ই ভাৰতৰ এটা ডাঙৰ উৎসৱ। হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়।

এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে। এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মংগলকামনা। লগতে লুকাই থাকে ককায়েক-ভায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। সেয়ে ককায়েক বা ভায়েকজনৰ বায়েক বা ভনীয়েক জনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয়।

এই ৰাখী বন্ধনতেই ভগ্নীয়ে ভাতৃক ৰাখী বান্ধে আৰু ভাতৃয়ে ভগ্নীক উপহাৰ দিয়ে। অৱশ্যে ঠাই ভেদে এই ৰাখী বন্ধনৰ নিয়ম বেলেগ বেলেগ।

এই ৰাখীবন্ধন উৎসৱে এইবাৰ ৰঙীন কৰি তুলিলে লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ মন। তেওঁৰ হাত ৰঙীন কৰি তুলিলে কেইবাডালো ৰাখীয়ে। বহু কেইগৰাকী বাই-ভনী আহি আনন্দ মিশ্ৰক ৰাখী পিন্ধায়। হাতত পৰিধান কৰা ৰাখীৰ সৈতে এখন সুন্দৰ ছবি ছ'চিয়েল মিডিয়াত আপলোড কৰিছে আনন্দ মিশ্ৰই। কেপশ্যনত তেওঁ লিখিছে- ''Love and Responsibility! So Humbled.''
 

Share This