ডিজিটেল ডেস্ক: ৰিলায়েন্স গ্রুপ অব্ কোম্পানীজৰ বিৰুদ্ধে চলি থকা ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ সংক্রান্তত আইন বলৱৎকাৰী সঞ্চালকালয়ে (ইডি) ব্যৱসায়ী অনিল আম্বানিৰ ৩,৭১৬ কোটি টকা মূল্যৰ ঘৰ এটা বাজেয়াপ্ত কৰিছে।
বুধবাৰে ই ডিয়ে প্ৰকাশ কৰা মতে, অনিল আম্বানিৰ ৰিলায়েন্স কমিউনিকেশ্যনছৰ বিৰুদ্ধে থকা বেংক প্ৰৱঞ্চনাৰ গোচৰটোৰ ক্ষেত্ৰত সংস্থাটোৰ তদন্তৰ অংশ হিচাপে এই 'এবড' শীৰ্ষক ঘৰটো জব্দ কৰাৰ বাবে এটা নির্দেশ জাৰি কৰা হৈছে।
উল্লেখযোগ্য যে এই বিলাসী ঘৰটো ১৭ মহলীয়া আৰু ৬৬ মিটাৰ ওখ। মুম্বাইৰ পালি হিলৰ সমীপত এই ঘৰটো আছে। আনহাতে, ২৬ ফেব্ৰুৱাৰীত ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ জাননী দিছে ই ডিয়ে।