কোৱাৰ্টাৰত অংকুশিতা, গীতিমণি, এলিট ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ

dainik janambhumi January 08, 2026

ডিজিটেল ডেস্ক : বিশ্ব চেম্পিয়ন অসম কন্যা অংকুশিতা বড়ো আৰু প্ৰতিভাৱান মহিলা বক্সাৰ গীতিমণি গগৈয়ে নৱম এলিট ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

উত্তৰ প্ৰদেশৰ নয়দাত চলি থকা (৪-১২ জানুৱাৰী) প্রতিযোগিতাখনৰ প্ৰি- কোৱাৰ্টাৰ পর্যায়ত কালি অনূর্ধ্ব ৬০ কেজি ওজন শাখাত অৱতীৰ্ণ অংকুশিতাই অল আউট প্ৰদৰ্শনৰ জৰিয়তে পঞ্জাবৰ প্ৰতিপক্ষ মনদীপ কৌৰক ৫-০ৰ মসৃণ পইণ্টত ৰণত পেলায়।

আনহাতে, অসমৰ আনগৰাকী বক্সাৰ গীতিমণি গগৈয়ে ৭০ কেজি অনূর্ধ্ব শাখাত বীৰদর্পে যুঁজি লাডাখৰ প্ৰতিপক্ষ ফাৰহানা ইলিয়াছক বাউট সম্পূৰ্ণ হোৱাৰ পূৰ্বেই বক্সিং ৰিং ত্যাগ কৰিবলৈ বাধ্য কৰি (আৰ এছ চি) কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। অসম দলৰ প্ৰশিক্ষক প্রণামিকা বৰা, ত্ৰিদীপ বৰা, ইনামূল হুছেইন আৰু মেনেজাৰ ৰূপে আছে মণ্টু ইংজেল।

Share This