হত্যাৰ বলি হোৱা নাই অনুষ্কা! আত্মহত্যাত জড়িত নাই ঘৰৰ মালিক, বনকৰা মহিলা আৰু প্ৰেমিক 

Kakali Deka November 30, 2023

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই আছিল। আজি অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়াক দিছপুৰ আৰক্ষীয়ে জেৰা চলায়। জেৰাৰ অন্তত যাবলৈ দিয়া হয় ৰাহুলক।

জেৰাৰ অন্তত আৰক্ষীৰ ফালৰ পৰা কোৱা হয় যে ভুল বুজাবুজিৰ বাবেই নিজকে শেষ কৰিলে অনুষ্কাই। এই ঘটনাত জড়িত নাই ঘৰৰ মালিক আৰু বনকৰা মহিলাগৰাকী অথবা প্ৰেমিক ৰাহুল।

ৰাহুলৰ প্ৰতিটো ভাষ্যৰ মিল পাইছে আৰক্ষীয়ে। মেছেজ উপেক্ষা কৰাৰ পিছত নিশা ১০.৩৮ বজাত ৰাহুলক শেষৰটো মেছেজ দিছিল অনুষ্কাই। মেছেজত লিখিছিল - ‘মোক আৰু তুমি নোপোৱা’।

কিন্তু যেতিয়া ৰাহুলে সেই মেছেজ দেখিছিল তেতিয়ালৈ মৃত্যু হৈছিল অনুষ্কাৰ। আনহাতে বনকৰা মহিলাগৰাকীৰ ভাষ্য মতে, নিশা সেইদিনা ভাত খোৱা নাছিল অনুষ্কাই। গতিকে আৰক্ষী নিশ্চিত হৈছে যে, নিশাই আত্মহত্যা কৰিছিল অনুষ্কাই।

উল্লেখ্য যে, হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়া ঘৰত ধেমাজিৰ এগৰাকী যুৱতী অনুষ্কা শইকীয়াক ৰহস্যজনভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। যুৱতীগৰাকী বিউটিচিয়ান হিচাপে ABCৰ চি গ্লেম নামৰ পাৰ্লাৰত কৰ্মৰত আছিল। ইতিমধ্যে অনুষ্কাৰ মৃত্যু সন্দৰ্ভত বনকৰা মহিলা জুনু বৰা আৰু অনুষ্কাই বাস কৰা ভাড়াঘৰৰ গৰাকী ৰমেশ ভৰালীক আৰক্ষীয়ে জেৰা কৰিছিল। প্ৰায় এক বছৰ ধৰি গুৱাহাটীত থকা যুৱতীগৰাকীক বনকৰা মহিলা আৰু ঘৰৰ মালিকে হত্যা কৰা বুলি মৃতকৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছিল।

Share This