অসমবাসীৰ বাবে সুখবৰ, অৰ্শিতা আগৰৱালালৈ ফিল্ম ফেয়াৰ অ' টি টি-২০২৫ বঁটা

dainik janambhumi December 20, 2025

ডিজিটেল ডেস্ক: অৰ্শিতা আগৰৱালালৈ ফিল্ম ফেয়াৰ অ' টি টি-২০২৫ বঁটা অসমবাসীৰ বাবে এটা ভাল খবৰ। অসম কন্যা অৰ্শিতা আগৰৱালাই আঁজুৰি আনিলে এক ৰাষ্ট্ৰীয় সম্মান। অসমীয়া ছবিজগতত খলকনিৰ সৃষ্টি কৰা ব্লক ব্লাষ্টাৰ ছবি 'ৰুদ্ৰ'ত ৰবি শৰ্মাৰ বিপৰীতে অভিনয় কৰা অৰ্শিতা আগৰৱালাক 'ডেছপাছ' চিনেমাখনত কৰা অভিনয়ৰ বাবে প্রদান কৰা হৈছে ২০২৫ৰ উদীয়মান মহিলা শাখাৰ ফিল্মফেয়াৰ অ'টি টি এৱাৰ্ড। 

মুম্বাইত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রখ্যাত অভিনেতা চিবাচাদ্দাৰ হাতৰ পৰা তেওঁ এই বঁটা গ্রহণ কৰে। ফিল্ম ফেয়াৰ অ'টিটি বঁটা লাভকৰা অৰ্শিতা আগৰৱালা অসম তথা উত্তৰ-পূবৰ ভিতৰত প্ৰথমগৰাকী অভিনেত্রী। উক্ত বঁটা প্রদান অনুষ্ঠানত চলচ্চিত্ৰ ক্ষেত্ৰখনৰ অগ্ৰণী বিক্রম মটৱানে, নিখিল আদানি, আলিয়া ভাট, ছ'নী মালহোট্টা, ফাতেমা চানাচে, বিকি কুশল, ৰিচ্ছা চাদ্দাৰ লগতে বহু প্রখ্যাত অভিনেতা-অভিনেত্রী উপস্থিত আছিল। 
অসমৰ পৰা ৰূপালী পর্দালৈ যাত্ৰা কৰা অসম কন্যা অৰ্শিতা আগৰৱালাৰ এই সফলতাক লৈ সকলো গৌৰৱান্বিত হৈছে।

উল্লেখযোগ্য যে, কাষ্টিং ডিজাইনত নিয়োজিত হৈ থকা আগৰৱালাই কম সময়ৰ ভিতৰতে অভিনয়ৰ ক্ষেত্ৰখনতো এক বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। ইতিমধ্যে চুটি ছবিৰ যোগেদি আত্মপ্রকাশ কৰা অর্শিতাই ৩০ খনতকৈ অধিক ডিজিটেল বিজ্ঞাপন আৰু জনপ্রিয় ছিৰিজ সত্যমেব জয়তেত অভিনয় কৰি এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতেই অৰ্শিতা আগৰৱালাই অসমীয়া চলচ্চিত্ৰ ৰুদ্ৰ, হিন্দী থ্রিলাৰ 'ডেছপাছ'ত অভিনয় কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। এই বঁটা লাভ কৰাৰ পিছতে অর্শিতাই এনে অসাধাৰণ প্ৰতিভাৰ মাজত স্বীকৃতি লাভ কৰি আনন্দিত বুলি উল্লেখ কৰি এনে সন্মানৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু অঞ্চলৰ কাহিনী ৰূপালী পৰ্দাত প্ৰদৰ্শন হোৱাৰ পথ প্রশস্ত হ'ব বুলি আশা প্রকাশ কৰে।

Share This