ডিজিটেল ডেস্ক : ইজিপ্তক ৰোমাঞ্চকৰ খেলত কালি ৩-২ ব্যৱধানত হৰুৱাই আর্জেন্টিনাই বিশ্বকাপ ফুটবলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এটা সময়ত আর্জেন্টিনাই বৃহৎ অঘটনৰ চিকাৰ হোৱাৰ পথতে আগবাঢ়িছিল। ইজিপ্তে য়াছেৰ ইব্রাহীমৰ ১৫ আৰু মুস্তাফা জিকোৰ ৬৭মিনিটৰ গ'লেৰে ২-০ ব্যৱধানত আগুৱাই আছিল।
আর্জেন্টিনাই দুর্দান্ত প্রত্যাৱৰ্তন ঘটাই জয় সাব্যস্ত কৰে। শেষৰ ফালে চাৰি মিনিটৰ অন্তৰালত ক্রিষ্টিয়ান ৰুমেৰু (৮৯ মিনিট) আৰু লায়নেল মেছিয়ে (৮৩ মিনিট) গ'ল দি খেলৰ দিশ সলনি কৰে (২-২)। আনহাতে, এনজু ফার্নান্ডেজে ষ্ট'পেজ টাইমত বিজয়সূচক গ'লটো দিয়ে আৰু ডিফেন্ডিং চেম্পিয়ন আর্জেন্টিনাই ফুটবলৰ মহাৰণখনত অন্তিম-৮৩ স্থান নিশ্চিত কৰে।
উল্লেখ্য যে মেছিয়ে প্রথমার্ধ্বত এক সোণালী সুযোগ নষ্ট কৰিছিল। আর্জেন্টিনাৰ অধিনায়কগৰাকীৰ এক পেনাল্টি শ্বট ব্যর্থ কৰিছিল ইজিপ্তৰ গ'লকীপাৰ মুস্তাফা খুবেইৰে।