ফিফা বিশ্ব কাপঃ নেইমাৰ অন্যতম সর্বশ্রেষ্ঠ খেলুৱৈ, আর্জেন্টিনাৰ বাবে সহজ নহ'ব পুনৰ বিশ্ব কাপ জয়

dainik janambhumi May 10, 2026

ডিজিটেল ডেস্ক: আর্জেন্টিনাৰ বাবে এইবাৰৰ বিশ্ব কাপ জয় কৰাটো সহজ কথা নহ'ব। এইদৰে কয় যোৱাবাৰৰ ফিফা বিশ্ব কাপ বিজয়ী দলটোৰ অধিনায়ক লায়'নেল মেছিয়ে। তেওঁ ফ্রান্স আৰু স্পেইন এইবাৰৰ বিশ্ব কাপৰ অন্যতম প্রবল দাবীদাৰ বুলি কয়। 

মেছিয়ে কয় যে আর্জেন্টিনাৰ ফুটবল দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব কাপ জয়ৰ সপোন নিশ্চয় দেখিছে, কিন্তু বর্তমান ফ্রান্স আৰু স্পেইনৰ দৰে দলে অধিক উন্নত খেল প্ৰদৰ্শন কৰি আছে। এটা সাক্ষাৎকাৰত মেছিয়ে কয়, 'আমাৰ দলৰ কেইবাজনো খেলুৱৈ আঘাত বা মেচ ফিটনেছৰ সমস্যাৰ সৈতে যুঁজ দি আছে, কিন্তু যেতিয়া সম্পূর্ণ দল একেলগ হয় তেতিয়া তেওঁলোকে প্রতিদ্বন্দ্বিতা কৰা আৰু কেনেকৈ জয়লাভ কৰে সেইটো প্ৰমাণ কৰি দেখুৱায়।' কিন্তু অহা মাহৰ পৰা আৰম্ভ হ'বলগীয়া বিশ্ব কাপ তীব্ৰ প্রত্যাহ্বানমূলক বুলি স্বীকাৰ কৰে মেছিয়ে। তেওঁ কয়, 'বর্তমান ফ্রান্স সুন্দৰ ফৰ্মত আছে। দলটোৰ কেই বাজনো বিশ্বমানৰ খেলুৱৈ আছে।' 

উল্লেখযোগ্য যে ২০২২ চনৰ বিশ্ব কাপত মেছিৰ আর্জেন্টিনাই ফ্রান্সক পৰাজিত কৰি বিশ্ব কাপ জয় কৰিছিল। মেছিয়ে স্পেইন আৰু ব্রাজিলকো এইবাৰৰ বিশ্ব কাপৰ অন্যতন প্রবল দাবীদাৰ বুলি কয়। ইয়াৰ উপৰি পর্তুগালেও তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰে আৰু একে সময়তে জার্মানি তথা ইংলেণ্ডৰ দৰে ইউৰোপিয়ান দলসমূহ সদায় বিপজ্জনক বুলি প্রমাণিত হৈ আহিছে। জুনত ৩৯ বছৰত ভৰি দিব লগা মেছিয়ে কয় যে তেওঁ নিজৰ খেলুৱৈ জীৱনক লৈ কোনো সময়সীমা নির্ধাৰণ কৰা নাই। তেওঁ কয়, 'মই ফুটবল খেলি ভাল পাওঁ আৰু যেতিয়ালৈকে খেলিব পাৰিম তেতিয়ালৈকে খেলি যাম। মই অতি প্রতিদ্বন্দ্বিতামূলক খেলুৱৈ আৰু প্ৰতিখন খেলতে জয়ী হ'বলৈ বিচাৰোঁ।' 

আনহাতে, ব্রাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰ এতিয়াও বিশ্বৰ অন্যতম সর্বশ্রেষ্ঠ খেলুৱৈ বুলি কয় মেছিয়ে। ব্রাজিলিয়ান ফৰৱাৰ্ডজনে এইবাৰৰ বিশ্ব কাপত খেলিব পাৰিব বুলি তেওঁ আশা প্রকাশ কৰে। তেওঁ কয় যে বর্তমান যেনেকুৱা ফৰ্মতে নাথাকক নেইমাৰ এজন বৈশিষ্ট্যপূর্ণ খেলুৱৈ আৰু ব্রাজিল তথা ফুটবলৰ বাবে তেওঁ যথেষ্ট গুৰুত্বপূর্ণ। মেছিয়ে কয়, 'তেওঁ এইবাৰৰ বিশ্ব কাপত খেলিব বুলি মই আশা কৰিছোঁ।'

Share This