সামাজিক মাধ্যমত প্রফাইল ছবি সলনি মোদী, শ্বাহ, ৰাজনাথ সিং, নীতিন নবীনৰ, 'অপাৰেশ্যন সেন্দুৰ'ৰ বর্ষপূর্তিত সশস্ত্র বাহিনীলৈ সন্মান

dainik janambhumi May 08, 2026

ডিজিটেল ডেস্ক: অপাৰেশ্যন সেন্দূৰৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত তেওঁৰ প্রফাইল ছবি বা ডিপি (ডিছপ্লে' পিকছাৰ) আৰু সেনা বাহিনীসমূহ আৰু তেওঁলোকৰ সফলতাৰ প্ৰতি সন্মান জনাই প্রতিজনকে তেনে কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ তথা এছ জয়শংকৰ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু দলটোৰ আন নেতাসকলে অপাৰেশ্যন সেন্দূৰৰ বৰ্ষপূতি উপলক্ষে সামাজিক মাধ্যমৰ হেণ্ডলত তেওঁলোকৰ প্ৰফাইল ছবি সলনি কৰে। 

প্রধানমন্ত্রী মোদীয়ে এক্সৰ হেণ্ডল, ফে'চবুক, ইনষ্টাগ্রাম আৰু হোৱাটছ‌্ এপ চেনেলৰ প্ৰফাইল ছবি ক'লা বেগ্রাউণ্ডত 'Operation Sindoor' লিখা এখন ছবিলৈ সলনি কৰে। উক্ত ছবিখনত ত্ৰিৰংগ পতাকাও আছে। আনহাতে Sindoor' শব্দৰ এটা 'O'-সেন্দূৰৰ ৰঙেৰে পূৰ হৈ আছে। সামাজিক মাধ্যম এক্সত প্রধানমন্ত্রীয়ে কয় যে এবছৰৰ আগত, অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতীয় সশস্ত্র বাহিনীবোৰে তেওঁলোকৰ বীৰত্ব দেখুৱালে আৰু মানুহক আক্ৰমণ কৰাহঁতক দৃঢ় প্রত্যুত্তৰ দিলে। প্রতিজন ভাৰতীয় দেশৰ সশস্ত্র বাহিনীবোৰক লৈ গৌৰৱান্বিত। সামাজিক মাধ্যমত তেওঁ আপল'ড কৰা ছবিৰ সন্দৰ্ভত তেওঁ কয়, 'আমাৰ বাহিনীবোৰ তথা অপাৰেশ্যন সেন্দূৰৰ সময়ত তেওঁলোকৰ সফলতাৰ বাবে সন্মানৰ চিনৰূপে আমি সকলোৱে এক্স, ফে'চবুক, ইনষ্টাগ্রাম আৰু হোৱাটছ্ এপৰ ডি পি তলত শ্বেয়াৰ কৰা ছবিখনলৈ সলনি কৰোঁ আহক।' 

উল্লেখযোগ্য যে পাকিস্তান আৰু পাকিস্তান-অধিকৃত কাশ্মীৰত থকা সন্ত্রাসবাদী আৰু সামৰিক ঘাটিবোৰত আক্রমণেৰে বি এছ এফৰ সৈতে তিনিটা প্ৰতিৰক্ষা বাহিনীয়ে অপাৰেশ্যন সেন্দূৰ অভিযান চলাইছিল। যোৱা বছৰ ৭ মে'ৰ পৰা ১০ মে'লৈ এই অভিযান চলিছিল। যোৱা বছৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীয়ে ২৫জন পর্যটক আৰু এজন টুৰিষ্ট গাইডক হত্যা কৰা ঘটনাৰ পোটক তুলিবলৈ উক্ত অভিযান চলাইছিল। 

ইফালে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমত কয়, 'অপাৰেশ্যন সেন্দূৰৰ বৰ্ষপূৰ্তিত আমি আমাৰ সশস্ত্র বাহিনীবোৰৰ বীৰত্ব আৰু ত্যাগক অভিবাদন জনাইছোঁ। অভিযানৰ সময়ত তেওঁলোকৰ কাৰ্যই সেনা বাহিনীকেইটাৰ অতুলনীয় নিখুঁততা, নিৰৱচ্ছিন্ন সমন্বয় আৰু গভীৰ সহযোগিতা প্রতিফলন কৰিলে তথা আধুনিক সামৰিক অভিযানৰ এক মান ৰচনা কৰিলে।' কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, 'ইতিহাসে এই দিনটোক আমাৰ সশস্ত্র বাহিনীবোৰৰ নিখুঁত আক্ৰমণৰ ক্ষমতা, আমাৰ সংস্থাসমূহৰ সূক্ষ্মদর্শী বুদ্ধিমত্তা, পহলগামত আমাৰ নাগৰিকলৈ বেয়া চকু দিবলৈ সাহস কৰা সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদীৰ প্ৰত্যেক ঠিকনা ধ্বংস কৰিবলৈ একেলগে থিয় হোৱাৰ দৃঢ় ৰাজনৈতিক ইচ্ছাৰ দিনৰূপে মনত ৰাখিব। 

ইফালে ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, 'আমি আজি অপাৰেশ্যন সেন্দূৰৰ প্ৰথম বৰ্ষপূর্তি পালন কৰিছোঁ। সমগ্র বিশ্বই পহলগামৰ সন্ত্রাসবাদী আক্রমণ দেখিছিল, যাৰ বাবে অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰা হৈছিল। সীমাৰ সিপাৰৰ পৰা চলোৱা সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰা বাবে আমি পাকিস্তানক সমুচিত প্ৰত্যুত্তৰ দিলোঁ।'

Share This