ডিজিটেল ডেস্ক: দুর্নীতি আৰু উৎকোচ গ্রহণৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ'ল এজন সেনা বিষয়া। কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থা চি বি আয়ে শনিবাৰে লেফটেনেন্ট কর্নেল দীপক কুমাৰ শৰ্মাক গ্ৰেপ্তাৰ কৰে। তেওঁৰ লগতে বিনোদ কুমাৰ নামৰ আন এজন লোককো গ্রেপ্তাৰ কৰা হয়।
প্ৰতিৰক্ষা বিভাগৰ কাম-কাজৰ বাবে বিভিন্ন ঠিকাদাৰী প্রতিষ্ঠান তথা ফাৰ্মৰ পৰা উৎকোচ গ্রহণ কৰা বুলি লেফটেনেন্ট কর্নেল শৰ্মাৰ বিৰুদ্ধে দীর্ঘদিনৰ পৰা অভিযোগ উত্থাপন হৈ আছে। এই অভিযোগৰ ভিত্তিত চি বি আয়ে ৰুজু কৰা এটা গোচৰৰ আধাৰত অভিযান চলাওঁতে বেংগালুৰুৰ এটা কোম্পানীৰ পৰা ৩ লাখ টকা উৎকোচ লোৱাৰ সময়তে চি বি আই বিষয়াই তেওঁক গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে প্রতিৰক্ষা বিভাগৰ সামগ্ৰী নির্মাণ আৰু ৰপ্তানিৰ লগত জড়িত বিভিন্ন কোম্পানী আৰু ঠিকাদাৰী প্রতিষ্ঠানক অধিক গুৰুত্ব প্রদান কৰা হ'ব বুলি আশ্বাস দি সেই প্রতিষ্ঠানসমূহৰ পৰা সেনা বিষয়াজনে উৎকোচ গ্রহণ কৰি আহিছিল। বিনোদ কুমাৰ নামৰ লোকজনৰ জৰিয়তে লেফটেনেন্ট কর্নেল শর্মাই উৎকোচৰ বজাৰ অব্যাহত ৰাখিছিল। চি বি আইয়ে সেনা বিষয়াজনৰ নতুন দিল্লীৰ ঘৰৰ লগতে বিভিন্ন স্থানত চলোৱা তালাচী অভিযানত ২.২৩ কোটি নগদ টকা জব্দ কৰে। তদুপৰি শৰ্মাৰ পত্নী কর্নেল কাজল বালিৰ বাসগৃহৰ পৰাও ১০ লাখ টকা জব্দ কৰে। উল্লেখযোগ্য যে কেইদিনমান পূর্বে শত্রু ৰাষ্ট্ৰক দেশৰ সেনা বাহিনীক গোপন তথ্য প্রদানৰ অভিযোগত তেজপুৰৰ পৰাও ভাৰতীয় সামৰিক বাহিনীৰ এগৰাকী প্রাক্তন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল।