ডিজিটেল ডেস্ক : প্রশ্ন কাকত ফাদিলৰ ঘটনাই দেশত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত কেন্দ্রীয় চৰকাৰে অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট-ইউ জি পৰীক্ষাত এইবাৰ সকলো ধৰণৰ অনিয়ম প্ৰতিৰোধৰ বাবে ডাঙৰ পদক্ষেপ গ্রহণ কৰিছে। ২১ জুনত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা ত্রুটীহীন তথা কোনো ধৰণৰ সুৰুঙা নথকাকৈ পৰিচালন কৰাৰ বাবে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ (সেনা আৰু বায়ুসেনাৰ) সহায় ল'ব দেশৰ কোনো ৰাষ্ট্ৰীয় প্ৰৱেশ পৰীক্ষাৰ ইতিহাসত প্ৰথমবাৰলৈ প্ৰশ্নকাকত পৰিবহণত সেনা বাহিনীৰ সহায় লোৱা হ'ব। এই প্রসংগত বৃহস্পতিবাৰে প্ৰতিৰক্ষ মন্ত্ৰী ৰাজনাথ সিঙৰ বাসভৱনত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় বৈঠকত ৰাজনাথ সিঙৰ উপৰি কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানকে ধনি কেইবাজনো জ্যেষ্ঠ মন্ত্রী, নেশ্যনেল টেষ্টিং এজেঞ্চি (এন টি এ) আৰু শিক্ষ মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল।
বৈঠকত প্রশ্ন কাকত তৈয়াৰ কৰা, ছপা কৰা, পৰিবহণ, সুৰক্ষা আৰু পৰীক্ষা কেন্দ্ৰলৈ সুৰক্ষিতভাৱে যোগান ধৰাৰ সম্পূৰ্ণ শৃংখলাৰ সমীক্ষা কৰা হয়। ধর্মেন্দ্ৰ প্রধানে ইউ পি এছ চিৰ পৰীক্ষাৰ দৰে নীট-ইউ জিৰ প্ৰশ্নকাকত পৰিবহণৰ বাবে সেনা আৰু বায়ু সেনাৰ সহায় বিচাৰিছিল আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ইয়াত সন্মতি জনায়। প্রধানে জনোৱা মতে পুনৰ অনুষ্ঠিত হ'বলগীয়া নীটৰ প্ৰশ্ন কাকত পৰিবহণত বায়ু সেনায়ো সহায় কৰিব। ইয়াৰ আগতে নীট পৰীক্ষাত ডাক বিভাগ, গৃহ মন্ত্র্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এন টি এৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ২২ লাখতকৈ অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'বলগীয়া এই পৰীক্ষা ত্রুটীহীন আৰু কোনো ধৰণৰ অনিয়ম নোহোৱাকৈ অনুষ্ঠিত কৰোৱাৰ বাবে বিভিন্ন মন্ত্ৰ্যালয়ৰ সৈতে মিলি কাম কৰি থকা হৈছে। তেওঁ প্ৰকাশ কৰা মতে দেশৰ সকলো পৰীক্ষা কেন্দ্ৰলৈ সুৰক্ষিতভাৱে প্রশ্নকাকত যোগান ধৰাত সেনা বাহিনীক সহায় লোৱা হ'ব। বৰষুণ, ধুমুহাৰ দৰে প্ৰতিকূল পৰিস্থিতিত প্রশ্ন কাকত পৰীক্ষ কেন্দ্ৰলৈ নিয়াৰ কামত বায়ু সেনাই সহায় কৰিব। ইয়াৰ লগতে এই কথাও স্পষ্ট কৰি দিয়া হৈছে যে সেনা বাহিনীৰ ভূমিকা কেৱল সমন্বয় ৰক্ষা কৰি প্ৰশ্নকাকতৰ পৰিবহণ আৰু বতৰৰ দৰে জৰুৰী পৰিস্থিতিত প্ৰশ্নকাকত পৰীক্ষ কেন্দ্ৰলৈ নিৰাপদে নিয়াৰ দৰে কামতে সীমিত হৈ থাকিব। পৰীক্ষা-নিৰীক্ষণত সেনাক কামত লগোৱা নহয়। সেনাৰ উপৰি পৰীক্ষা পৰিচালনাত কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়, ডাক বিভাগ, অসামৰিক বিমান পৰিবহণ, বিদেশ মন্ত্ৰ্যালয়ৰ লগতে ৰাজ্য চৰকাৰসমূহে সহযোগ কৰিব।
ইফালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী তথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পি এম অ') পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ সমগ্ৰ প্ৰক্ৰিয়াতো নিজে দৃষ্টি ৰাখিছে আৰু এই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত সকলো তথ্য সময়ে সময়ে তেওঁক জনাই থকা হৈছে। ইফালে প্রচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাৰ সময়ত প্ৰাৰ্থীৰ পৰিবহণ, খোৱা পানী যোগান ধৰাকে ধৰি আন সা-সুবিধাসমূহ উপলব্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে পৰীক্ষাৰ্থীসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ পৰীক্ষাত বহিব পাৰে। উল্লেখযোগ্য যে যোৱা ৩ মে'ত অনুষ্ঠিত নীট-ইউ জি পৰীক্ষ প্রশ্ন কাকত ফাদিলৰ পাছত বাতিল কৰা হয়।