কৃত্রিম বুদ্ধিমত্তাৰে জুবিনৰ গীত বিকৃত

dainik janambhumi May 21, 2026

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গার্গে কণ্ঠদান কৰা 'মই নথকাৰ অনুভৱ' গীতটিক কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে বিকৃত কৰাৰ ক্ষেত্ৰত বিহিত ব্যবস্থা গ্ৰহণৰ দাবীৰে কালি গীতটোৰ সংগীতকাৰ হিমাংশু বৰাই তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ জনপ্রিয় গীতটোৰ লগতে অসমীয়া আন একাংশ গীতো কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে এইদৰে প্ৰচাৰ কৰিছে কেইবাটাও ইউটিউব চেনেল আৰু ফে'চবুক পেজে। 

উল্লেখযোগ্য যে আৰ এফ আকাশৰ কথা, সুৰ আৰু হিমাংশু বৰাৰ সংগীতেৰে সজোৱা তথা জুবিন গার্গে কণ্ঠদান কৰা গীতটিক ইতিমধ্যে অসমবাসীয়ে হৃদয়ত স্থান দিছে। হেজাৰজন জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি অশ্রুসিক্ত নয়নেৰে গাইছে 'মই নথকাৰ অনুভৱ' গীতটি। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত যেন শিল্পীগৰাকীৰ এই গীতটিয়েই বাজি আছে প্ৰতিগৰাকী অনুৰাগীৰ অন্তৰত। গীতটোৰ এনে জনপ্রিয়তাৰে সুযোগ লৈ একাংশ ইউটিউব চেনেল আৰু ফে'চবুক পেজত এই গীতটি কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে পৃথক সুৰ আৰু সংগীতেৰে প্ৰস্তুত কৰাৰ লগতে ইয়াত জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে। 

এই ঘটনাত ক্ষুব্ধ হৈ পৰা গীতটিৰ সংগীত পৰিচালক তেজপুৰৰ হিমাংশু বৰাই কালি এজাহাৰ দাখিল কৰি কয় যে এটা গীত নিৰ্মাণ কৰাৰ আঁৰত শিল্পীসকলৰ যি কষ্ট আৰু সাধনা সেয়া কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে ধূলিসাৎ কৰা হৈছে। মেল'ডি মেট্রিক্‌ছ এ আই, কে আৰ ছুপাৰ হিষ্টৰীকে ধৰি কেইবাটাও ইউটিউব চেনেল আৰু ফে'চবুক পেজৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে হিমাংশু বৰাই কালি আহ্বান জনাই তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।

Share This