ইছৰ’ৰ সূৰ্য  অভিযানৰো অংশীদাৰ হ’ব অসম সন্তান

Jyoti Borah August 25, 2023

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩১ সফলতাৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ই এইবাৰ চলাব সূৰ্য অভিযান৷ ইতিমধ্যে আদিত্য এল-ৰ নামৰ মহাকাশযান সাজু কৰি তুলিছে৷ এই মহাকাশ যানখনত নাথাকিব ইন্ধন৷ পৃথিৱী আৰু সূৰ্যৰ মাজত থাকি আদিত্য এল-ৰএ পৰ্যবেক্ষণ কৰিব    সূৰ্যক৷ উল্লেখযোগ্য যে বিশ্বত এতিয়াও সূৰ্যৰ পৰা বিকিৰিত ৰশ্মি আৰু সূৰ্যকণা ইত্যাদি অনেক বিষয়ৰ সন্দৰ্ভত বহু ৰহস্য উদ্‌ঘাটন হ’বলৈ বাকী আছে৷ নাছাৰ উদ্যোগত কেৱল এটা এনে প্ৰকল্প আৰম্ভ হৈছে যদিও সূৰ্যৰ সন্দৰ্ভত অধ্যয়ন আৰু গৱেষণাৰ বাবে আন কোনো দেশে মহাকাশযান প্ৰেৰণ কৰা নাই৷ 

ইফালে চন্দ্ৰযান-৩ৰ সফলতাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদিত্য এল-ৰৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ আনহাতে ইছৰ’ৰ সঞ্চালক এছ সোমনাথে জানিবলৈ দিয়া মতে, চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত আদিত্য এল-ৰ উৎক্ষেপণৰ বাবে সাজু হৈ উঠিব বুলি মন্তব্য কৰে৷ এই বিৰল গৌৰৱৰ অংশীদাৰ হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ গৱেষক ছাত্ৰ জন্মেজয় সৰকাৰ৷ তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত বৰ্তমান তেওঁ   ড০ কিশোৰ বৰুৱাৰ তত্ত্বাৱধানত মহাকাশ গৱেষণাৰ এজন জ্যেষ্ঠ গৱেষক ছাত্ৰ হিচাপে জড়িত হৈ আছে৷ তেওঁ আদিত্য এল-ৰৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ পৰে৷ কেইদিনমান পূৰ্বে এই মহাকাশ যানৰ নিৰ্মাণ সম্পূৰ্ণ কৰি পৰীক্ষা-নিৰীক্ষাৰ অন্তত শ্ৰীহৰিকোটাৰ উৎক্ষেপণ কেন্দ্ৰক অৰ্পণ কৰা হয়৷ 

এতিয়া মহাকাশ গৱেষকসকলে গভীৰ প্ৰত্যাশাৰে বাট চাই আছে আদিত্য এল-ৰৰ উৎক্ষেপণৰ বাবে৷ ইফালে এই অভিযান সফল হ’লেপুনৰ দেশবাসীৰ লগতে গৌৰৱান্বিত হৈ পৰিব তেজপুৰ বিশ্ববিদ্যালয়৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ চয়ন দত্ত চন্দ্ৰযান-৩ত জড়িত হোৱাৰ দৰে আদিত্য এল-ৰত আন এগৰাকী ছাত্ৰ জন্মেজয় সৰকাৰ জড়িত হৈ থকা খবৰে সকলোকে উৎফুল্ল কৰি তুলিছে৷

Share This