ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইক্লিষ্ট অসম কন্যা দেবী চাবুকধৰাই এছিয়া কাপ ট্রেক চাইক্লিং চেম্পিয়নশ্বিপত এটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক অর্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। চেন্নাইস্থিত তামিলনাডু শাৰীৰিক শিক্ষা আৰু ক্রীড়া বিশ্ববিদ্যালয়ৰ ভেলড্রামত যোৱা ২৯-৩১ জানুৱাৰীত অনুষ্ঠিত প্রতিযোগিতাখনত ভাৰতীয় দলক প্রতিনিধিত্ব কৰা দেবীয়ে পদক দুটা পায় ক্রমে ১ কিঃমিঃ টাইম ট্রায়েল (ৰূপ) আৰু পাৰচ্যুট ইভেন্টত (ব্রঞ্জ)।
লখিমপুৰৰ বৰথেকেৰাবাৰী গাঁৱৰ পৰা ওলাই অহা দেবীয়ে ইতিমধ্যে বিগত দুটা বছৰত ৰাষ্ট্ৰীয় স্কুল ক্রীড়া আৰু খেল' ইণ্ডিয়া মহিলা লীগত ৭টা সোণ, ৩টা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক অর্জনেৰে আত্মপ্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে।
সম্প্রতি তেওঁ টেপেছিয়াৰ লক্ষ্মীবাঈ নেশ্যনেল ইনষ্টিটিউট অব্ ফিজিকেল এডুকেশ্যন এন ই আৰ চি গুৱাহাটী চৌহদস্থিত নেশ্যনেল চেণ্টাৰ অব্ এক্সেলেন্সৰ অধীনত উচ্চ প্রশিক্ষণ গ্রহণ কৰি আছে।