ডিজিটেল ডেস্ক: অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়, গুৱাহাটীয়ে 'ৰিভাৰটক্স শব্দকল্প' নামৰ এক নতুন মাহেকীয়া সাহিত্য অনুষ্ঠানৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানৰ লক্ষ্য হৈছে সাহিত্য, ভাষা আৰু শিল্পকলাৰ চৰ্চা আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্যিক-সাংস্কৃতিক পৰম্পৰাক জীয়াই ৰখা।
শব্দকল্পৰ প্ৰথম সংস্কৰণৰ বিষয় 'আত্মাৰ কবিতা' ১৫ মে'ৰ বিয়লি ৩ বজাত বিশ্ববিদ্যালয়ৰ ডি ব্লকৰ প্ৰথম মহলাৰ ছেমিনাৰ হলত আচাৰ্য ড° এ কে পানচাৰি আৰু উপাচার্য অধ্যাপক অলক কুমাৰ বুঢ়াগোহাঁইৰ উপস্থিতিত অনুষ্ঠিত হয়। অনুষ্ঠানটোত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিগৰাকী বিশিষ্ট কবিয়ে কবিতাৰ মধুৰ পৰিৱেশ ৰচনা কৰে। অনুষ্ঠানত মুখ্য উপদেষ্টা তথা আৰ জি ইউৰ অথৰ-ইন-ৰেজিডেন্স অধ্যাপক ড° ধ্রুবজ্যোতি বৰাই আদৰণী ভাষণ প্ৰদান কৰে। তাৰ পাছত উপাচার্য অধ্যাপক ড° অলক কুমাৰ বুঢ়াগোহাঁই আৰু অধ্যাপক তথা ড° ভূপেন হাজৰিকা ক্রিয়েটিভিটি চেণ্টাৰৰ চেয়াৰ প্ৰফেছৰ অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে ভাষণ প্রদান কৰে।
উদ্বোধনী সংস্কৰণৰ তিনিগৰাকী কবি আছিল অধ্যাপক এম কামালুদ্দিন আহমেদ, বিশিষ্ট কবি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা অনুষদৰ ডিন ড° নম্রতা পাঠক আৰু কবি, লেখক আৰু অনুবাদক ড° বিজয় শংকৰ বৰ্মন। প্রতিজন কবিয়ে নিজৰ কবিতা-যাত্ৰাৰ বিষয়ে আলোকপাত কৰি বক্তব্য ৰাখে আৰু কবিতা পাঠ কৰে।
এম কামালুদ্দিন আহমেদ আৰু বিজয় শংকৰ বৰ্মনৰ অসমীয়া কবিতাসমূহ ছাত্র-কল্যাণৰ সহযোগী ডিন সাত্যকী ডিকম ভূঞা আৰু ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° আয়ুষ্মান দেৱৰাজে ইংৰাজীত পৰিৱেশন কৰে। ইয়াৰ পাছত লেখক, সম্পাদক আৰু ভাৰতৰ অন্যতম স্বতন্ত্র প্রকাশন গোষ্ঠী ৰেডৰিভাৰৰ প্ৰতিষ্ঠাপক দিব্যজ্যোতি শর্মাই আলোচনা পৰিচালনা কৰে। শৰ্মাই প্ৰতিজন কবিৰ ৰচনাৰ সামগ্রিক মূল্যায়ন কৰে আৰু কবিসকলৰ সৈতে এক প্রাণৱন্ত সংলাপৰ পৰিচালনা কৰে।
অনুষ্ঠানৰ সামৰণি পৰ্যায়ত বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে কবিতা পাঠ কৰে। একেদৰে আন কবিসকলৰ মাজত কৃষদ্বীপ্ত পাঠক, ড° প্রবুদ্ধ ঘোষ আৰু ড° শাশ্বতী বৰদলৈয়ে এটি স্ব ৰচিত অসমীয়া কবিতা পাঠ কৰে। ৰিভাৰটক্স-শব্দকল্পৰ সদস্য-সচিব ড° স্তুতি গোস্বামীৰ ধন্যবাদ জ্ঞাপনেৰে অনুষ্ঠানৰ সামৰণি পৰে। এনেধৰণৰ সাহিত্যিক প্রচেষ্টাৰ প্ৰতি বিশ্ববিদ্যালয়ৰ অংগীকাৰ ব্যক্ত কৰি অধ্যাপক ধ্ৰুৱজ্যোতি বৰাই এক আনুষ্ঠানিক বিজ্ঞপ্তিত কয়, 'শব্দকল্প ভাষাই উশাহ লোৱা আৰু বিকশিত হোৱাৰ মাধ্যম। এই মাহেকীয়া শৃংখলাৰ জৰিয়তে অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ে বৌদ্ধিক আৰু সৃষ্টিশীল জীৱনৰ বিকাশৰ প্ৰতি আৰু ভাষাৰ চিৰন্তন শক্তিক সন্মান জনোৱাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্রতিষ্ঠা কৰে।'
উল্লেখযোগ্য যে 'ৰিভাৰটক্স-শব্দকল্প' অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত প্রতিমাহে অনুষ্ঠিত হৈ থাকিব আৰু প্ৰতিটো সংস্কৰণত নতুন সাহিত্য বিষয়ৰ অন্বেষণ কৰা হ'ব। এই শৃংখলাই অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ প্ৰধান সাহিত্য উৎসৱ ৰিভাৰটক্সৰ প্ৰস্তুতি স্বৰূপ কাম কৰিব, যি উৎসৱ ২০২৭ বৰ্ষৰ জানুৱাৰী বা ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছে।