ডিজিটেল ডেস্ক : দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে আসন্ন টেষ্ট আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসম কন্যা জিন্টিমণি কলিতাই। সোঁহতীয়া মিডিয়াম পেচবলাৰ আৰু বাওঁহতীয়া বেটাৰ জিন্টিমণিৰ ছিনিয়ৰ জাতীয় দললৈ এই নির্বাচন স্বাভাৱিকতে তেওঁৰ ক্রিকেট কেৰিয়াৰৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি আৰু অসম ক্রিকেটৰ বাবে এক গৌৰৱৰ মুহূর্ত হিচাপে বিবেচিত হৈছে।
ভাৰতীয় মহিলা দলটোৱে অহা ডিচেম্বৰ মাহত দক্ষিণ আফ্রিকা ভ্রমণ কৰি এখন টেষ্ট, তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচত অংশগ্রহণ কৰিব। এই আপাহতে অসম ক্রিকেট সন্ধাই জিন্টিমণিক আন্তৰিক অভিনন্দন জনাইছে।
এ চি এই আশা প্রকাশ কৰে যে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট যাত্রাত এই গুৰুত্বপূর্ণ পদক্ষেপ আগুৱাই নিয়াৰ লগতে জিন্টিমণিয়ে অবিৰত সফলতাও অব্যাহত ৰাখিব। তেওঁৰ এনে কৃতিত্ব সমগ্ৰ অসমৰ উচ্চাকাংক্ষী ক্রিকেটাৰৰ বাবে প্রেৰণাৰ উৎস হৈ ৰ'ব। এই বাতৰি দিছে অসম ক্রিকেট সস্থাৰ সম্পাদক সনাতন দাসে।