ডিজিটেল ডেস্ক: আশাশুধীয়া পৰিশ্ৰম আৰু জ্ঞানগর্ভ গৱেষণাৰে বিশ্বত উজলি উঠিছে এগৰাকী অসম সন্তান। অসমবাসীক গৌৰৱান্বিত কৰি বিশ্বৰ শীৰ্ষ ৬গৰাকী এ আই বিজ্ঞানীৰ তালিকাত অন্তর্ভুক্ত হৈছে অসমৰ ড° ৰঞ্জয় আদিত্য কৃষ্ণ।
কৃত্রিম বুদ্ধিমত্তা (এ আই)ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্নিয়াস্থিত সংবাদ সংস্থা 'এ আই বায়াৰে' অসম সন্তান ড° কৃষ্ণলৈ আগবঢ়াইছে 'পীপল টু ৱাটছ-২০২৬' সন্মান। বিশ্বৰ ৬গৰাকী বিশিষ্ট বিজ্ঞানীৰ তালিকাত নাম অন্তর্ভুক্ত হোৱা ড° কৃষ্ণই হৈছে অসমৰ প্রথমগৰাকী এনে সন্মান লাভ কৰা বিজ্ঞানী।
উল্লেখযোগ্য যে সম্প্রতি গুৱাহাটীৰ খাৰঘুলিৰ নিৱাসী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু প্ৰাক্তন চৰকাৰী বিষয়া ড° গীতিমা কৃষ্ণৰ সন্তান ড° ৰঞ্জয় আদিত্য কৃষ্ণ সম্প্রতি আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ 'এল্লেন স্কুল অব্ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিঙৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। সমান্তৰালভাৱে তেওঁ মাইক্ৰছফটৰ ছুপাৰ ইন্টেলিজেন্স দলৰ সৈতেও জড়িত হৈ আছে। এই সন্মান লাভ কৰাৰ পাছত উৎফুল্ল ড° কৃষ্ণই কয় যে কৃত্রিম বুদ্ধিমত্তা অনাগত দিনত আমাৰ জীৱনৰ অভিন্ন অংগ হৈ পৰিব। অৱশ্যে আমি কৃত্রিম বুদ্ধিমত্তাক বাস্তৱ ৰূপ দিলেই নহ'ব, ইয়াক মানুহৰ বাবে বিশ্বাসযোগ্য, ব্যৱহাৰযোগ্য, সুৰক্ষিত কৰি ৰাখিব পাৰিব লাগিব।
উল্লেখযোগ্য যে ড° কৃষ্ণৰ উপৰি এনথ্রোপিক প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক ডেনিয়েল এমোডেই, চেৰেপ্লাছ ছিষ্টেমছৰ প্ৰতিষ্ঠাতা এনড্রিউ ফেল্ডমেন, ছেণ্ডবক্স এ কিউ প্রতিষ্ঠানৰ আদাম লিৱিছ, ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা ষ্টেনফৰ্ডৰ সহঃ সঞ্চালক ফিফিলী আৰু এ এম ডি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়া লিচাচুকো 'পীপল টু ৱাটছ-২০২৬' সন্মান প্রদান কৰা হৈছে।