ডিজিটেল ডেস্ক: কালি খানাপাৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণৰ অনুষ্ঠানত সপত্নীক উপস্থিত থাকে প্রাগ নিউজ তথা এছ এন গ্রুপ অব কোম্পানীজৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণ।
দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰীগৰাকীক লৈ উৎসাহী বিশিষ্ট ব্যৱসায়ী ড° সঞ্জীৱ নাৰায়ণে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা ৫ বছৰত অসম দেশৰ শ্ৰেষ্ঠ ৰাজ্য হ'ব বুলি আশা প্রকাশ কৰে। তেওঁ কয়, 'অসমক হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন মুখ্যমন্ত্রী লাগে। তেওঁ যি ধৰণে যোৱা ৫ বছৰ কাম কৰিলে আমি সকলোৱে দেখিছোঁ। তেওঁ হিচাপ কৰিব নোৱাৰা কাম কৰিছে। তেওঁ অসমক ইমান আগবঢ়াই নিলে অহা ৫ বছৰত আমি ভাবোঁ অসম দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হ'ব। অহা ৫ বছৰ আৰু দ্রুত গতিৰে তেওঁ কাম কৰিব।'
আনহাতে হিমন্ত বিশ্ব শর্মাই সিদ্ধান্তসমূহ দ্রুতগতিৰে লোৱাৰ বাবেই কামবোৰ সোনকালে আগবাঢ়ে বুলি মন্তব্য কৰি সঞ্জীৱ নাৰায়ণে মুখ্যমন্ত্ৰীৰ কৰ্মত ৰাজ্যবাসীৰ প্ৰত্যয় জন্মিছে বুলিও উল্লেখ কৰে।