৬২,২৯৪.৭৮ কোটি টকাৰ লেখানুদান দাখিল কৰি বিত্ত মন্ত্ৰী অজন্তা নেওগৰ দাবী, '২৮ত ১০ লাখ কোটি টকাৰ অৰ্থনীতি হ'ব অসম

dainik janambhumi February 18, 2026

ডিজিটেল ডেস্ক: পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন অধিৱেশনত কালি বিত্ত মন্ত্রী অজন্তা নেওগে গীতাৰ শ্লোক আৰু চিৰসেউজ অসমীয়া গীত গাই বাজেট (লেখানুদান) দাখিল কৰে। 

২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিক মাহবোৰৰ বাবে অর্থাৎ এপ্রিল মাহৰ পৰা জুলাই মাহলৈকে ৬২,২৯,৪৭৮.৩০ লাখ টকাৰ লেখানুদান দাখিল কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এখন অটল, অবিচল আৰু অগ্ৰগ্ৰামী অসমৰ বীজ ৰোপণৰ বাবে আমি প্রয়াস কৰিছোঁ। অসমৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্রী হিচাপে পাঁচখনকৈ পূর্ণাংগ বাজেট দাখিল কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। যোৱা পাঁচ বছৰত অসমে বিত্তীয় ব্যৱস্থাপনাত অসাধাৰণ সফলতা দেখুৱাবলৈ সক্ষম হৈছে বুলি জনাই তেওঁ লগতে কয় যে ইয়াৰ বাবে ষষ্ঠদশ বিত্ত আয়োগে অসমৰ পাৰস্পৰিক অংশীদাৰিত্ব ৩.২৫৮ শতাংশলৈ বৃদ্ধি কৰিছে। যাৰ ফলত অহা বৰ্ষত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৫০ হাজাৰ কোটি টকাৰো অধিক ধন লাভ কৰিব। 

অসমৰ অৰ্থনৈতিক জৰীপে ২০২৬-২৭ বিত্তীয় বর্ষত জি এছ ডি পি ১৬.৯৩ শতাংশ বৃদ্ধিৰ হাৰে ৮,৭১,৪৫১ কোটি টকা হ'বগৈ বুলি অনুমান কৰিছে। এই বৃদ্ধিৰ গতিবেগ বৰ্তাই ৰাখি ২০৩০ চনৰ ভিতৰত ৰাজ্যখন দহ লাখ কোটি টকাৰ অৰ্থনীতিলৈ পৰিণত কৰাৰ বাবে দিয়া আমাৰ প্ৰতিশ্ৰুতিতকৈ বহু আগবাঢ়ি ২০২৮ চনৰ ভিতৰতে এই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা দেখা গৈছে। আনহাতে অসমৰ জনমূৰি আয় বৰ্তমানৰ মূল্যত দুগুণতকৈও অধিক বৃদ্ধি পাই ২০২০-২১ বিত্তীয় বৰ্ষৰ ৮৬৯৪৭ কোটিৰ পৰা ২০২৫-২৬ বিত্তীয় বর্ষত ১,৮৫,৪২৯ টকা হৈছেগৈ। 

পাঁচ বছৰত ৰাজ্যৰ জনমূৰি আয় ১১৩ শতাংশ বৃদ্ধি হৈছে। দেশৰ আন ৰাজ্যত তুলনাতো দ্রুতগতিত বৃদ্ধি হৈছে অসমৰ জনমূৰি আয়। অসমে প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্রকাশ কৰিছে বুলি মত প্রকাশ কৰি তেওঁ লগতে কয় যে ৰাজহ সংগ্রহো পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে। ২০২০-২১ বিত্তীয় বর্ষত ১৭১৩৪ কোটি টকাৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষত ৭৫ শতাংশ বৃদ্ধিৰে নিজা ৰাজহ ৩০,০৫২ কোটি টকা হৈছেগৈ। 

বিত্ত মন্ত্ৰীগৰাকীৰ মতে বিশ্ব অর্থনীতি প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়তে অসমে ভাৰতৰ প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্রকাশ কৰিছে। পূৰ্বতে ২০১৫-১৬ বিত্তীয় বাজেটত ধার্য হোৱা ৫৮ শতাংশ ধনহে ব্যৱহৃত হৈছিল। কিন্তু ২০২৪-২৫ বিত্তীয় বর্ষত বাজেটত ধার্য কৰা ধন ৮৫ শতাংশলৈ বৃদ্ধি পাইছে। আলফা শান্তি চুক্তিৰ সৈতে সম্পর্ক ৰাখি আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত নিজা উৎসৰ পৰা তিনি হাজাৰ কোটি টকা ব্যয় কৰা হ'ব বুলি জনাই তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰখনে বৃদ্ধ পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ ২৫০ টকাৰ পৰা বৃদ্ধি কৰি ৪০০ টকা, বিধৱা পেঞ্চন আঁচনিৰ ধন ৩০০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰিছে। 

ৰান্ধনিৰ দৰমহা ডেৰ হাজাৰ টকাৰ পৰা দুই হাজাৰ টকালৈ, অংগনৱাড়ী কৰ্মীৰ দৰমহা ৬৫০০ টকাৰ পৰা ৮ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। ইফালে ধ্বজাবাহী আঁচনিসমূহৰ অধীনত ৪,১৭৬ কিল'মিটাৰ পথ সম্পূৰ্ণ কৰা হৈছে। ৬,৯১৭ কিল'মিটাৰ পথ নির্মীয়মাণ হৈ আছে। ২০২১ চনৰ পৰা এতিয়ালৈ ২১,৭০০ কিল'মিটাৰ পথ আৰু ১,৩৩৯ খন দলং নিৰ্মাণ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত ৮ খন সেতু নির্মাণ সম্পূর্ণ হৈছে আৰু ৪খন নির্মীয়মাণ অৱস্থাত আছে। বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে বিগত পাঁচ বছৰত চৰকাৰখনে প্রতি দিনে গড়ে তেৰ কিল'মিটাৰ পথ আৰু সপ্তাহত গড়ে পাঁচখনকৈ দলং নিৰ্মাণৰ জৰিয়তে মুঠ ২১৭০০ কিল'মিটাৰ পথ আৰু ১৩৩৯ দলং নিৰ্মাণ কৰিছে। 

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত ৫ লাখৰো অধিক যুৱক-যুৱতীক সামৰি লোৱাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। বৰ্তমানৰ লাভার্থীসকলক মুদ্রা আঁচনি, প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী আদিৰ সৈতে সংযোজনৰ ব্যৱস্থা কৰা হৈছে। ঐতিহ্য সংৰক্ষণৰ দিশত অসম দর্শন আঁচনিত ১,১৩২.৯৩ কোটি টকা মুকলি কৰা হৈছে। 'নিযুত বাবু' আঁচনিত ছাত্রক মাহিলি টকা দিয়া হ'ব। স্নাতকোত্তৰ পাঠ্যক্ৰমত ছাত্রই পাব আর্থিক সাহায্য। লাখপতি বাইদেউসকলক দ্বিতীয় পৰ্যায়ৰ ২৫ হাজাৰ টকা দিয়াৰ হ'ব। ইফালে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰখনে পাঁচ বছৰীয়া ভবিষ্যৎ কাৰ্যপন্থা যুগুত কৰিবলৈ এখন সমিতি গঠন কৰাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত পাঁচ লাখ যুৱক-যুৱতীক সাহায্য প্রদান কৰা হ'ব। গুৱাহাটী, জাগীৰোড, পলাশবাৰীক সংযোগ কৰি দ্বৈত মহানগৰী উন্নয়নেৰে এক নগৰীয়া ঔদ্যোগিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। শিক্ষক আৰু টিউটৰৰ বাবে বাজেটত ভাল খবৰ। তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে এটা পৰ্টেল মুকলি কৰা হ'ব। ইফালে শিক্ষকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে যিসকল শিক্ষকৰ চাকৰি নিয়মীয়া কৰিব পৰা নগ'ল তেওঁলোকক দিয়া হ'ব এককালীন সাহায্য। 

বাজেটত চৰকাৰৰ দীর্ঘকালীন পৰিকল্পনাৰ কথা ব্যক্ত কৰি তেওঁ লগতে কয় যে তেজপুৰ আৰু বাইহাটাৰ মাজত ফ'ৰলেন, নগাঁও- মৰিগাঁও আৰু দৰং সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং, গুৱাহাটী এয়াৰপ'ৰ্টৰ পৰা জাগীৰোডলৈ এলিভেটেড কৰিড'ৰ আৰু গুৱাহাটী-ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ কৰিড'ৰ নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে। অসমত ৫টা নতুন বিমান বন্দৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। নগাঁও, ডিফু, উমৰাংছ', মাজুলী আৰু মানাহত হ'ব বিমান বন্দৰ। চাহ বাগিচাৰ শ্রমিকক ভূমি পট্টা প্ৰদানৰ কাম আৰম্ভ কৰাৰ কথা ব্যক্ত কৰি তেওঁ লগতে জনায় যে অহা মাৰ্চৰ পৰা চাহ বাগানৰ শ্ৰমিকক ভূমিপট্টা প্রদান আৰম্ভ হ'ব। ৩.৫০ লাখ চাহ শ্রমিকৰ পৰিয়ালে লাভ কৰিব ভূমিৰ অধিকাৰ। 

মন কৰিব লগীয়া কথা যে কালিৰ লেখানুদানত বিত্ত মন্ত্ৰীগৰাকীয়ে অনাগত বিত্তীয় বৰ্ষৰ প্ৰথম চাৰি মাহত ৭৬০০ কোটি টকা ঋণ লোৱাৰ প্ৰস্তাৱ দাখিল কৰিছে। আনহাতে বিগত ৫ বছৰত চৰকাৰখনে শক্তি খণ্ডতো উল্লেখযোগ্য উন্নয়ন কৰা বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে কয় যে শীঘ্ৰে আৰম্ভ হ'ব নামনি কপিলী জলবিদ্যুৎ প্রকল্প। ইয়াৰ ফলত ৰাজ্যৰ বিদুৎ উৎপাদনৰ ক্ষমতা ১৩০০ মেগাৱাটলৈ বৃদ্ধি পাব বুলিও কয় বিত্তমন্ত্রীয়ে।

Share This