ডিজিটেল ডেস্ক : আৰ এছ পি বিৰ প্রতিপক্ষ চানামাচা চানু থকচমক ধৰাশায়ী কৰি তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে অসমৰ একমাত্র খেলুৱৈ ৰূপে নৱম এলীট ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বর্ণ পদক অর্জন কৰে। উত্তৰ প্ৰদেশৰ নয়দাত অনুষ্ঠিত (৪-১২ জানুৱাৰীত) প্রতিযোগিতাখনৰ শুকুৰবাৰৰ ছেমি ফাইনেলত লাভলীনাই পৰাক্ৰমী প্ৰদৰ্শনৰ জৰিয়তে উত্তৰ প্ৰদেশৰ প্ৰতিপক্ষ ইম্রজ খানক ৫-০ পইণ্টত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। আজিৰ ফাইনেলত ফৰ্মৰ তুংগত থকা অসমৰ প্ৰথমগৰাকী অলিম্পিক পদকজয়ী লাভলীনাই প্রতি পক্ষ ৰে'লৱে স্প'ৰ্টছ প্রমোশ্যন ব'ৰ্ডৰ (আৰ এছ পি বি) চানামাচা চানুৰ বিৰুদ্ধে দুর্দান্ত প্রদর্শন দাঙি ধৰি ৫-০ পইণ্টৰ মসৃণ ব্যৱধানত জয়ী হয়। মুঠ ১১ মিনিটৰ খিতাপ যুঁজত লাভলীনাই প্ৰথম ৰাউণ্ডৰ পৰাই আৰ এছ পি বিৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে তীব্র বেগী স্ট্রেইট পাঞ্চ আৰু অব্যৰ্থ লেফট হুকৰ জৰিয়তে মসৃণ অগ্রগতি লাভ কৰিবলৈ সক্ষম হৈছিল।
প্রতিপক্ষ চানুক তেনেদৰেই ৩+৩+৩ মিনিটৰ তিনি ৰাউণ্ড যুঁজত প্রত্যাক্ৰমণৰ কোনো সুযোগ নিদিয়াকৈ লাভলীনাই ধৰাশায়ী কৰে। বীৰদর্পে স্বর্ণ জয় কৰাৰ পাছত লাভলীনাই টেলিফ'নত হোৱা বার্তালাপত প্রতিক্রিয়া ব্যক্ত কৰি কয়, 'সোণৰ পদটো পোৱাৰ বাবে ভাল লাগিছে। নতুন বছৰটোৰ আৰম্ভণি এনেদৰে হওক বুলিয়েই আশা কৰিছিলোঁ। পেৰিছ অলিম্পিকৰ পিছৰ পৰা মই বিভিন্ন কাৰণত খেলত ফুল ফ'কাছ কৰিব পৰা নছিলোঁ।
এতিয়া মেমে (প্রশিক্ষক প্রণামিকা) কৰি দিয়া প্লেন মতে পুনৰ সফলতাৰ দিশে আগবাঢ়িছোঁ। আগন্তুক দুবছৰ গভীৰভাৱে খেলত আত্মনিয়োগ কৰিম। কাৰণ সন্মুখত তিনিখনকৈ বৃহৎ আন্তর্জাতিক প্রতিযোগিতা আছে।' তেওঁ কৈ যায়। অসম দলৰ প্রশিক্ষক প্রণামিকা বৰা, ত্ৰিদীপ বৰা, ইনামূল হুছেইন আৰু মেনেজাৰ ৰূপে আছিল মন্টু ইনজেল।