ডিজিটেল ডেস্ক : চোলাধৰা মধুবন নিৱাসী প্রজ্ঞা পৰাশৰে জাপানৰ কুমামোটোত অনুষ্ঠিত নাইট্রাইড অর্ধপৰিবাহী বিষয়ক আন্তর্জাতিক কর্মশালা-২০২৬ (IWN 2026)-ত 'Outstanding Student Award' লাভ কৰিছে।
২০২৬চনৰ ৮ৰ পৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত এই সন্মিলনত তেওঁ পোলেণ্ড একাডেমি অব ছায়েন্সেছৰ ইনষ্টিটিউট অব্ হাইপ্ৰেছাৰ ফিজিকছৰ (IWC PAN) পৰীক্ষাগাৰ NL-14ৰ হৈ অংশগ্ৰহণ কৰিছিল। তেওঁৰ গৱেষণা-পত্ৰৰ বিষয় আছিল—'III-Nitride Laser Diode Stacks Interconnected with Tunnel Junctions: From Pulsed to Continuous-Wave Operation।' এই গৱেষণাত টানেল জাংছনৰ জৰিয়তে সংযুক্ত নাইট্রাইড - লেজাৰ ডায়'ডৰ স্তৰ (stack) স্পন্দিত (pulsed) অৱস্থাৰ পৰা অবিৰাম তৰংগ (continuous-wave) অৱস্থালৈকে কেনেকৈ কাম কৰে, সেয়া অধ্যয়ন কৰা হৈছে।
IWN নাইট্রাইড অর্ধপৰিবাহী বিষয়ক বিশ্বৰ অন্যতম শীর্ষ সন্মিলন। এইবাৰ IWC PANৰ পৰা দুজন গৱেষকে এই বঁটা লাভ কৰিছে। আনজন হ'ল ভইচিয়েখ বার্টোছ জাছউভস্কি। প্রজ্ঞাৰ এনে সাফল্য - নতুন প্ৰজন্মৰ কাৰণে এক আদৰ্শ হৈ পৰিছে।