চেন্নাই ছুপাৰ কিংছৰ নতুন ভূমিকাত ধোনি

dainik janambhumi November 18, 2026

ডিজিটেল ডেস্ক : অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটিল। তাৰকা ক্রিকেটাৰ মহেন্দ্ৰ সিং ধোনিৰ ভাগ্য নিৰ্ণয় হ'ল। দুবাৰৰ বিশ্বকাপ জয়ী অধিনায়কগৰাকীয়ে ক্ৰিকেটৰ পৰা চিৰদিনৰ বাবে অৱসৰ গ্ৰহণ কৰে। আই পি এলত বেট-হাতে আৰু উইকেটৰ পিছ ফালে দেখা পোৱা নাযাব ধোনিক। চেন্নাই ছুপাৰ কিংছত অন্ত পৰিল ধোনি-যুগ, একে সময়তে ক্ৰিকেটৰ সকলো সংস্কৰণৰ পৰাও। অৱশ্যে, অৱসৰ ল'লেও ক্ৰিকেটৰ সৈতে তেওঁৰ সম্পর্ক অটুট থাকিব। ধোনি আই পি এলতো থাকিব। অৱশ্যে, এইবাৰ ৫বাৰৰ আই পি এলৰ বিজয়ী অধিনায়কগৰাকীক নতুন ভূমিকাত দেখা যাব। 


ধোনিক চেন্নাই ছুপাৰ কিংছৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া হৈছে। মঙলবাৰে আই পি এলৰ ফ্রেন্সাইজীটোৱে এই আনুষ্ঠানিক ঘোষণা কৰে। ছবছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল তাৰকা ক্রিকেটাৰগৰাকীয়ে। পিছে আই পি এলত খেল অব্যাহত ৰাখিছিল। বিগত কিছু বছৰ ধৰি ধোনিৰ অৱসৰক লৈ বাৰম্বাৰ প্রশ্ন উঠিছিল। কিন্তু প্রতিবাৰেই কৈছিল যে তেওঁ ক্রিকেট উপভোগ কৰিব আৰু ইচ্ছা মতে খেলি থাকিব। কিন্তু অৱশেষত আই পি এলত ১৯সংখ্যক সংস্কৰণত খেলাৰ পাছত ধোনিয়ে অৱসৰ লোৱাৰ সিদ্ধান্ত লয়। 

২০২০ চনৰ আগষ্টত আন্তর্জাতিক ক্রিকেটক বিদায় জনাইছিল ধোনিয়ে। তাৰ পাছত তেওঁ মাথোঁ আই পি এলতহে খেলিছিল। চেন্নাইক ৫বাৰ চেম্পিয়নৰ সোৱাদ দিয়া ধোনিয়ে দলটোৰ হৈ দ্বিতীয় সর্বাধিক ৰান সংগ্ৰহ কৰিছিল। তেওঁ ২৭২খন মেচ খেলি ৫৩১৪ ৰান কৰিছিল।

Share This