ডিজিটেল ডেস্ক : আই চি চিয়ে দেওবাৰে আগন্তুক ৯ বছৰৰ বাবে সকলো বৃহৎ প্রতিযোগিতাৰ সূচী ঘোষণা কৰে। উক্ত ঘোষণাই ক্রীড়াপ্রেমীসকলক সমস্যাৰ মাজলৈ ঠেলি দিছে। কাৰণ ৪ বছৰৰ পাছত ফুটবল বিশ্বকাপ আয়োজিত হ'ব। একে বছৰতে অনুষ্ঠিত হ'ব টি-২০ ক্রিকেট বিশ্বকাপো।
আই চি চিৰ প্ৰকাশিত সূচী অনুযায়ী দুয়োখন বিশ্বকাপেই প্রায় আঢ়ৈ সপ্তাহৰ বাবে একে সময়তে আয়োজিত হ'ব। সাধাৰণতে টি-২০ ক্রিকেট বিশ্বকাপ হয় ফেব্ৰুৱাৰী-মাৰ্চত। কিন্তু ২০২১ আৰু ২০২২ চনত বছৰৰ শেষৰফালে প্রতিযোগিতাখন অনুষ্ঠিত হয়। পিছে ২০৩০ চনত প্রতিযোগিতাখনক বছৰৰ মাজভাগলৈ ঘূৰাই অনা হৈছে। সেই অনুসৰি বিশ্ব ক্ৰিকেটৰ নিয়ামক সংস্থা আই চি চিৰ সূচী অনুসৰি অহা ৪ জুলাইৰ পৰা ৪ আগষ্টলৈ অনুষ্ঠিত হ'ব প্রতিযোগিতাখন। আনহাতে, জুন-জুলাইৰ আশে-পাশে প্রতি ৪ বছৰৰ মূৰে মূৰে ফুটবল বিশ্বকাপ অনুষ্ঠিত হয়। ব্যতিক্রমী আছিল ২০২২ চনৰ কাটাৰ বিশ্বকাপ ফুটবল। সেইবাৰ প্ৰবল গৰমৰ বাবে কাটাৰৰ প্রতিযোগিতাখন অক্টোবৰ-নৱেম্বৰত আয়োজন কৰা হয়। ঘটনাক্রমে সেইবছৰতে টি-২০ বিশ্বকাপ অনুষ্ঠিত হৈছিল। কিন্তু ফুটবল বিশ্বকাপ শেষ হোৱাৰ পাছত টি-২০ বিশ্বকাপ আৰম্ভ হৈছিল।
উল্লেখযোগ্য যে ফিফাই বহু আগেয়ে ২০৩০ বিশ্বকাপ ফুটবলৰ সময়সূচী ঘোষণা কৰি থৈছে। তেওঁলোকে জনোৱা মতে, ৮ জুনৰ পৰা ২১ জুলাই পর্যন্ত প্রতিযোগিতাখন চলিব। ইফালে, টি-২০ বিশ্বকাপ আৰম্ভ হ'ব ৪ জুলাইত। অর্থাৎ ১৭ দিন অথবা প্রায় আঢ়ৈ সপ্তাহ ধৰি দুখন বৃহৎ প্রতিযোগিতা একে সময়তে চলি থাকিব। ইয়াৰ ফলত যিয়ে ক্রিকেট আৰু ফুটবল দুয়োবিধ খেল ভাল পায় তেওঁলোক সমস্যাৰ সন্মুখীন হ'ব। অতীতত কেতিয়াও দুখন বিশ্বকাপ একে সময়তে হোৱা নাছিল। কিছু পৰিমাণে সময়ৰ ব্যৱধান থাকে। উল্লেখযোগ্য যে ২০৩০ বিশ্বকাপ ফুটবল হ'ব স্পেইন, পর্তুগাল আৰু মৰক্কোত। আনহাতে, টি-২০ বিশ্বকাপ হ'ব ইংলেণ্ড, আয়াৰলেণ্ড আৰু স্কটলেণ্ডত।