মার্কিন কোম্পানী 'ৱানাৰ চেপেল মিউজিক'ৰে চুক্তিবদ্ধ, অসমৰ সংগীত শিল্পী অনুৰাগ শইকীয়াই ৰচিলে ইতিহাস

dainik janambhumi May 17, 2026

ডিজিটেল ডেস্ক: সংগীত সাধনাৰে বলিউডত সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হোৱা অনুৰাগ শইকীয়াৰ বিশ্বমুখী যাত্রা। প্রথমজন অসমীয়া শিল্পী হিচাপে কণ্ঠশিল্পী, সংগীত পৰিচালক অনুৰাগ শইকীয়াই উত্তৰ আমেৰিকাৰ বিশ্ববিখ্যাত প্রতিষ্ঠান ৱাৰ্মাৰ চেপেল মিউজিকৰ সৈতে চুক্তিবদ্ধ হৈ ইতিহাস ৰচিবলৈ সক্ষম হৈছে।

ডব্লিউ চি এম নামেৰে প্ৰখ্যাত তথা জনপ্রিয় আমেৰিকাৰ মিউজিক পাব্লিছিং সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পাছতে অনুৰাগ শইকীয়াৰ সংগীতে আন্তঃৰাষ্ট্ৰীয় পর্যায় বা বিশ্বজুৰি প্ৰসাৰ লাভ কৰিব।

প্রণিধানযোগ্য যে বিশ্বৰ ৪০ খনতকৈ অধিক দেশত কার্যালয় থকা ডব্লিউ চি এমৰ কেটেলগত বিশ্বৰ বিভিন্ন দেশৰ মুঠ ১৪ লাখতকৈ অধিক গীত অন্তর্ভুক্ত হৈ আছে। ইফালে এই প্রতিষ্ঠানটোৰ সৈতে প্রায় ১.৫০ লাখ সুৰকাৰ জড়িত হৈ আছে। লক্ষণীয় যে বিশ্বৰ আগশাৰীৰ সংগীত শিল্পীৰ এলবাম দেশে-বিদেশে বিতৰণ কৰি খ্যাতি লাভ কৰা এই প্রতিষ্ঠানটোৱে এইবাৰ ভাৰতত সাংগীতিক যাত্ৰা আৰম্ভ কৰিছে। ভাৰতীয় সংগীত বিশ্বৰ প্রান্তে প্রান্তে লৈ যোৱাৰ বাবে সংস্থাটোৱে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰেই অংশ হিচাপে ভাৰতীয় সংগীত আৰু বিশ্ব সংগীতৰ সৈতে সাংগীতিক সেতু গঢ় দিয়াৰ চেষ্টা কৰা হৈছে। এই প্রচেষ্টা ভাৰতীয় সংগীতৰ বাবে উল্লেখযোগ্য আখ্যা দিয়ে অসম সন্তান অনুৰাগ শইকীয়াই। 

উল্লেখযোগ্য যে ডব্লিউ চি এমে বার্ষিক গীত ৰচনাৰ বিশেষ কৰ্মশালাৰো আয়োজন কৰে। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত লাছ ভেগাছত আয়োজন কৰা গীত ৰচনাৰ শিৱিৰত অনুৰাগ শইকীয়াই অংশ গ্রহণ কৰিছিল। এই শিবিৰতে তেওঁ বিশ্বৰ বহু আগশাৰীৰ আৰু জনপ্রিয় সংগীত শিল্পীৰ সান্নিধ্য লাভ কৰে। ইয়াৰ পাছতে তেওঁৰ ডব্লিউ চি এমৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠে। এতিয়া প্রতিষ্ঠানটোৰ সৈতে চুক্তি হোৱাৰ পাছত অনুৰাগ শইকীয়াৰ সৃষ্টিৰাজিক বিশ্বৰ বজাৰলৈ যাব। ফলত চলচ্চিত্ৰ আৰু টেলিভিছনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন সুযোগৰ সৃষ্টি হ'ব।

Share This