নৱবৰ্ষৰ প্রথমটো অমাৱস্যাত কৰক এইকেইটা কাম, দোষ দূৰ হ’ব আপোনাৰ

Rashmi April 18, 2025

 ডিজিটেল ডেস্ক : এয়া বহাগৰ বতৰ। ৰঙালীৰ আনন্দত মতলীয়া প্ৰতিজন অসমীয়া। এনে সময়তে আহি পালে নতুন বৰ্ষৰ প্ৰথমটো অমাৱস্যা। 

নতুন বছৰৰ প্ৰথমটো অমাৱস্যা ২৭ এপ্ৰিল দেওবাৰে পৰিছে। এই অমাৱস্যাৰ সময়ত কি কৰিলে দোষ দূৰ হ'ব। অমাৱস্যাৰ সময়ত প্ৰাৰ্থনা আৰু পূজা কৰিলে পিতৃ দোষ বা পূৰ্বপুৰুষৰ ঋণ লাঘৱ হয় বুলি বিশ্বাস কৰা হয়।

এই অমাৱস্যাত ভক্তসকলে উপবাসে থকাৰ লগতে 
আধ্যাত্মিক সচেতনতা বৃদ্ধি আৰু অভ্যন্তৰীণ শান্তি লাভৰ বাবে ধ্যান আৰু মন্ত্ৰ জপ কৰা পৰিলক্ষিত হয়। অমাৱস্যাৰ দিনটোত আৰ্তজনক খাদ্য, বস্ত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী দান কৰিলে কালসৰ্প দোষ দূৰ কৰিব পাৰি।

Share This