নতুন ৰাষ্ট্ৰীয় অভিলেখ গাঁঢ় অসম কন্যা আস্থা চৌধুৰীৰ সোণ জয়, ছিংগাপুৰ নেশ্যনেল ছুইমিং চেম্পিয়নশ্বিপ

dainik janambhumi March 18, 2026

ডিজিটেল ডেস্ক : অসমৰ তাৰকা সন্তৰণবিদ আস্থা চৌধুৰীয়ে সাঁতোৰত আন এক ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। পূর্বতে ২০২১ চনত ১০০ মিটাৰ বাটাৰফ্লাইত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰা আস্থাই এইবাৰ নতুন অভিলেখ গঢ়িলে ২০০ মিটাৰতো। কালি ছিংগাপুৰ নেশ্যনেল ছুইমিং চেম্পিয়নশ্বিপত আস্থা চৌধুৰীয়ে মহিলাৰ ২০০ মিটাৰ বাটাৰফ্লাই ইভেন্টত ২ মিনিট ১৭:০৯ ছেকেণ্ডেৰে নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰাৰ লগতে প্রতিযোগিতাখনত প্রথম স্থান দখল কৰি সোণৰ পদক জয় কৰে। 

উল্লেখযোগ্য যে ছিংগাপুৰৰ এই চেম্পিয়নশ্বিপত ভাৰতকে ধৰি এছিয়াৰ অধিকাংশ খেলুৱৈয়ে অংশগ্রহণ কৰি সমাগত এছিয়ান গেমছৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অৱশ্যে, আস্থাই ভাৰতত মে'-জুনত হ'ব লগীয়া ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ যোগেদিহে এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰিব। 

আস্থা চৌধুৰীৰ পূৰ্বে মহিলাৰ ২০০ মিটাৰ বাটাৰফ্লাই ইভেন্টত ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী আছিল মহাৰাষ্ট্ৰৰ অপেক্ষা ফার্নাণ্ডেজ। তেওঁৰ সময় আছিল ২ মিনিট ১৮:১৮ ছেকেণ্ড। এই সাফল্যৰ বাবে আস্থা চৌধুৰীক অভিনন্দন জনাইছে অসম সাঁতোৰ সন্থাৰ সভাপতি ৰঞ্জিত বৰগোহাঁই আৰু সম্পাদক ভাস্কৰ ৰঞ্জন দাসে।

Share This