ডিজিটেল ডেস্কঃ ২০২৪ চনত মণিপুৰৰ ম'ৰেৰ ভাৰতীয় সংৰক্ষিত বেটে লিয়নৰ (আই আৰ বি) চকীত হোৱা আক্রমণ সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (নিয়া)ই প্রথমজন লোকক গ্ৰেপ্তাৰ কৰিছে। উক্ত আক্রমণত আৰক্ষীৰ এজন লোক নিহত আৰু আন দুজন আহত হৈছিল।
নিয়াই জনায় যে টেংনৌপালৰ বাসিন্দা থাংমিনলাৰ মাটে ওৰফে লেনিন মাটেক দেওবাৰে অসমৰ শিলচৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। নিয়াই আৰু কয় যে মাটে কোনো উগ্রপন্থী গোটৰ সৈতে জড়িত হয় নে নহয় এতিয়াও স্পষ্ট হোৱা নাই।
উল্লেখযোগ্য যে যোৱা বছৰ ১৭জানুৱাৰীত সন্দেহযুক্ত কুকি উগ্রপন্থীয়ে উক্ত আক্রমণটো সংঘটিত কৰিছিল। গুৱাহাটীত নিয়াৰ বিশেষ আদালতত হাজিৰ কৰিবলৈ শিলচৰ আদালতে নিয়াক অভিযুক্তজনৰ ট্রেনজিট ৰিমাণ্ড দিছে।