ডিজিটেল ডেস্ক: বিধানসভা অধিৱেশনৰ প্ৰাকক্ষণত কালি মন্ত্ৰী অতুল বৰাক অতিৰিক্তভাৱে সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে। অহা ২১ মে'ৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিধানসভা অধিৱেশনত সংসদীয় মন্ত্রী হিচাপে দায়িত্ব পালন কৰিব।
ইফালে মন্ত্ৰিত্বৰ দায়িত্ব গ্রহণ কৰিয়েই কৰ্মক্ষেত্ৰত নামি পৰিছে মন্ত্ৰী বৰা। আনকি নিৰ্দিষ্ট সময়ৰ ভিতৰত যাতে প্ৰতিটো কাম সম্পূৰ্ণ হয় তাৰ বাবে কঠোৰ নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে ১০০ দিনীয়া কর্মসূচীও প্রস্তুত কৰিছে। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ বিষয়া-আমোলাসকলৰ সৈতে জনতা ভৱনত কালি এক বৈঠকত মিলিত হোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, 'বিভাগটোৱে গ্ৰহণ কৰা আঁচনি ৰূপায়ণত পুঁজিৰ অভাৱ নাই।'
আনহাতে 'মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ কেইবাটাও বিভাগৰ উপৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগটোৰ দায়িত্ব দিয়াত মুখ্যমন্ত্রীক ধন্যবাদ জনাই তেওঁ কয়, 'আজি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আমোলা-বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছোঁ। ১০০ দিনীয়া কর্মসূচী প্রস্তুত কৰিছোঁ। এটা টীম হিচাপে সকলোৱে কাম কৰিম।' গ্রাম্য উন্নয়নৰ বাবে আমি সকলোৱে নিষ্ঠাৰে কাম কৰিব লাগিব বুলি জনাই তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত বিশেষকৈ চাহ বাগিচা অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ একোটাকৈ ঘৰ নিশ্চিতকৰণ আমাৰ লক্ষ্য। আত্মসহায়ক গোটসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মৌ পালনৰ সুবিধা দিয়াৰ সিদ্ধান্ত লৈছোঁ। আমি আৰু অধিক আত্মসহায়ক গোট গঠন কৰিম।'
আনহাতে অসম চুক্তি ৰূপায়ণত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি অৱগত কৰি তেওঁ কয় যে খিলঞ্জীয়াৰ সুৰক্ষা আমাৰ চৰকাৰৰ প্ৰথম পদক্ষেপ। অসম চুক্তিৰ বাকী থকা দফাসমূহ ৰূপায়ণ হ'লেই খিলঞ্জীয়া সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বুলিও তেওঁ কয়। ইফালে চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত ইতিমধ্যে ৰাজ্যসমূহৰ সৈতে আলোচনা অব্যাহত আছে বুলি জনাই তেওঁ কয় যে আলাপ-আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই ক্ষেত্রত আটাইকেইখন ৰাজ্যৰ পৰাও সহযোগিতা পাইছোঁ। যিবোৰ সমস্যা আছে সেয়া আলোচনাৰ মাজেৰে মীমাংসা কৰিব লাগিব বুলি জনাই তেওঁ লগতে কয়, 'কংগ্রেছ ক্ষমতাত থকা সময়তে এই ৰাজ্যকেইখন গঠন হৈছিল। সেই সময়তে কংগ্রেছে সীমাটো ঠিক কৰি দিয়া হ'লে আজিৰ এই সমস্যা নহ'লহেঁতেন। তথাপি আমাৰ চৰকাৰে আলাপ-আলোচনাৰ মাজেৰে সমস্যাৰ সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে আবকাৰী বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰা বৰাই কালি সাংবাদিকৰ আগত স্পষ্টভাৱে কয় যে আবকাৰী মানেই ৰাজহ নহয়। ৰাজহ সংগ্ৰহ আমাৰ মূল উদ্দেশ্য নহয়। ড্রাই এৰিয়াসমূহত সুৰা সেৱন কৰা মানুহেও যিকোনো উপায় অৱলম্বন কৰি হ'লেও সুৰা সেৱন কৰে। অৱশ্যে বিভাগটোলৈ কিছু নতুনত্ব অনাৰ প্ৰয়োজন আছে বুলিও কয় বৰাই।