ডিজিটেল ডেস্ক : অসমৰ সমাজ জীৱনত অতিশয় আদৰৰ আৰু সন্মানজনক স্থিতিত থকা ভ্রাম্যমাণ থিয়েটাৰৰ একাংশ নাটকত শেহতীয়াকৈ সস্তীয়া জনপ্রিয়তা অৰ্জন কৰা আৰু আৰ্থিক লাভালাভৰ স্বাৰ্থত 'চাকাছ'লৈ ৰূপান্তৰ কৰা বুলিও সমালোচনা হৈছে, তেনে সময়তে ৰাজ্যখনৰ অপেছাদাৰী নাট্য আন্দোলনৰ অন্যতম অগ্রণী অনুষ্ঠান যোৰহাট থিয়েটাৰে নিৱেদন কৰা এখন নাটকে এটা বছৰৰ ভিতৰতে ২৩টাকৈ নাট্যদর্শনী ৰাজ্যৰ ভিন্ন প্ৰান্তৰত সম্ভৱ কৰি তোলাটো অতিশয় গৌৰৱৰ বিষয় হিচাপেই চৰ্চিত হৈছে।
এফালে সাম্প্রতিক সময়ত ভ্রাম্যমাণৰ একাংশ নাটকত কাহিনী আগবঢ়াই নিয়াৰ নামত নগ্নতাৰ পয়োভৰৰ লগতে বহুৱালিৰে দৰ্শকক আমোদ দিবলৈ যোৱাৰ নামত মাক-দেউতাক আৰু সন্তানে একেলগে নাটক এখন উপভোগ কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰা হৈছে, তেনে সময়তে এইখন অসমৰে চৰম আৰ্থিক দীনতাৰ মাজতো 'মানুহ' হোৱাৰ সপোন দেখা নিম্ন মধ্যবিত্ত পৰিয়াল এটাৰ পাখি মেলি উৰিবলৈ বিচৰা সন্তানৰ জীয়া বাস্তৱ প্ৰতিফলিত হোৱা যোৰহাট থিয়েটাৰৰ 'পাখি লাগি উৰে মন' নাটকখনৰ এটা বছৰতে ২৩টাকৈ দৰ্শনীৰে অপেছাদাৰী নাট্য আন্দোলনত সুস্থ ৰুচিবোধৰ আজিও কেনে আদৰ আছে, তাকেই প্রতিফলিত কৰি তুলিছে।
যোৰহাট থিয়েটাৰে অসমৰ নাট্যজগতলৈ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। প্রতি বর্ষতে ন ন নাটক সৃষ্টিৰে দৰ্শকক মন্ত্রমুগ্ধ কৰা যোৰহাট থিয়েটাৰে শেহতীয়াকৈ এক উল্লেখযোগ্য যে অসমৰ এগৰাকী সু-সন্তান, জীৱন সংগ্রাম তথা চৰম দৰিদ্ৰতা আৰু অপাৰ প্ৰতিকূলতা নেওচি অসমৰ এক অতি ভিতৰুৱা গাঁৱৰ পৰা ওলাই গৈ বিশ্বৰ মঞ্চত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন জীৱবিজ্ঞানী হৈ পৰা ড° ৰুবুল মাউতৰ জীৱনগাথা এতিয়া সকলোৰে বাবে এক আদর্শ। চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত বিশেষ সুনাম অর্জন কৰি অসমৰ সন্তান ড° ৰুবুল মাউতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমেৰিকাৰ বিখ্যাত চিনচিনাটি চিলড্রেনছ হস্পিটেল মেডিকেল চেণ্টাৰত তেওঁৰ নামত এক বিশেষ গৱেষণাগাৰ লেব মুকলি কৰা হৈছে, যাৰ নাম ৰখা হৈছে 'মাউত লেব'। চিকিৎসা গৱেষণাত নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হোৱা মাউতৰ এই লেবটোত উন্নত প্রটিন ডিজাইনৰ ব্যৱস্থা আছে, যিয়ে প্ৰতিৰক্ষা জীৱবিজ্ঞান ভিত্তিক (Structural and Synthetic Biology) গৱেষণাত বিশেষ প্রাণদান কৰিব। তেওঁৰ অসাধাৰণ সংগ্ৰাম আৰু সাহিত্য , সৃষ্টিৰে সমগ্ৰ অসমৰ নতুন প্ৰজন্মক উদ্বুদ্ধ, সঞ্জীৱিত আৰু অনুপ্রাণিত কৰি আহিছে। তিনিচুকীয়া জিলাৰ কৈলাসপুৰৰ পৰা আমেৰিকালৈ যোৱা যাত্ৰাৰ। বৰ্ণনাৰে তেওঁৰ আত্মজীৱনীমূলক গ্রন্থ 'মোৰো এটা সপোন আছে'ত আছে তেওঁৰ জীৱনৰ জীয়া ছবি। ৰাজ্যজুৰি বিপুল সমাদৰ লাভ কৰা ড° ৰুবুল মাউতৰ জীৱন সংগ্ৰামৰ অন্যতম প্রতিফলন ঘটা এই গ্ৰন্থখনৰ আধাৰত যোৰহাট থিয়েটাৰৰ নিৱেদন 'পাখি লাগি উৰে মন' নাটকখনে বর্তমান নাট্যপ্রেমীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে।
ড° মাউতৰ বহুল চর্চিত আত্মজীৱনীমূলক গ্রন্থ 'মোৰো এটা সপোন আছে'ৰ আধাৰত নিৰ্মিত এই নাটখনৰ নাট্যৰূপ দিছে অসমৰ বিশিষ্ট নাট্যকাৰ প্ৰশান্ত কটকীয়ে। অসমৰ প্রতিষ্ঠিত অভিনেতা-পৰিচালক পৱিত্ৰ বৰুৱাৰ পৰিচালনাত মঞ্চস্থ হোৱা এই নাটকে দৰ্শকৰ মাজত বিশেষ প্রাণ পাই উঠিছে। বিগত বৰ্ষৰ শাৰদীয় ৰ নাট্য নিৱেদনত প্ৰথমবাৰৰ বাবে মঞ্চস্থ হোৱা এই নাটখনে ইতিমধ্যে অসমৰ এই বিভিন্ন প্রান্তত ১৯টা নাট্যদর্শনীৰ জৰিয়তে সফলতাৰে প্ৰদৰ্শিত হৈ সৰ্বস্তৰৰ ৰ ৰাইজৰ ভূয়সী প্রশংসা বুটলিছে। পুনৰ চাৰিটা নাট্য দৰ্শনীৰ বাবে সাজু এ হৈছে যোৰহাট থিয়েটাৰ।
অহা ২ অক্টোবৰত শংকৰদেৱ এডুকেয়াৰ চেণ্টাৰৰ আমন্ত্ৰণত মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাব প্রেক্ষাগৃহত, ৭ নৱেম্বৰত জ্ঞানোদয় পুথিভঁৰালৰ আমন্ত্ৰণত নাগাজাংকাত আৰু ১৪ নৱেম্বৰত শিশুদিৱস উপলক্ষে আগুৱান ফাউণ্ডেশ্যনৰ উদ্যোগত মৰাণ নাট্য মন্দিৰৰ প্রেক্ষাগৃহত মঞ্চায়ন হ'ব 'পাখি লাগি উৰে মন'।
উল্লেখযোগ্য যে অহা ১৬ নৱেম্বৰত যোৰহাট থিয়েটাৰৰ প্ৰেক্ষাগৃহত বিশিষ্ট বিজ্ঞানী ড° ৰুবুল শ্রী মাউতৰ উপস্থিতিত মঞ্চায়ন হ'ব তেওঁৰেই আত্মজীৱনীৰ নাট্যৰূপ 'পাখি ৰ মেলি উৰে মন'। বিগত এটা বছৰৰ ভিতৰতে ইতিমধ্যে যোৰহাটৰ ভিন্ন ত স্থানৰ ৯টাকৈ মঞ্চত 'পাখি লাগি উৰে মন' মঞ্চস্থ হোৱাৰ উপৰি গুৱাহাটীৰ কলাক্ষেত্র, অসম সাহিত্য সভা (গুৱাহাটী), কাকপথাৰ (২টা স্থানত), নুমলীগড় শোধনাগাৰ, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰতো পৰিৱেশন কৰা হৈছে। সম্প্রতি অহা ২ অক্টোবৰৰ পৰা নাটকখন উজনিৰ চাৰিটা স্থানত পুনৰ মঞ্চায়ন ক হ'ব। বিশেষভাৱে লক্ষণীয় যে কাকপথাৰৰ অখ্যাত ৰুবুল মাউত কেনেদৰে আজিৰ বিশ্বত ড° ৰুবুল মাউতৰূপে সমাদৃত হোৱাই নহয়, খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ল সেই জীয়া বাস্তৱৰ প্ৰত্যক্ষদর্শী হ'ব অহা ১৬ নৱেম্বৰত যোৰহাট থিয়েটাৰ প্ৰেক্ষাগৃহত দৰ্শকৰ আসন শুৱনি কৰি। যোৰহাটৰ নাট্যানুৰাগীয়ে সেই দিনটোলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে।