মানস ৰবীনৰ সাংস্কৃতিক পদক্ষেপ, ২০ বছৰৰ আগৰ জুবিনক দেখা পাব দর্শকে

dainik janambhumi April 14, 2026

ডিজিটেল ডেস্ক: অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গবিহীন এইবাৰ প্ৰথমটো বহাগ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত প্ৰথমটো ৰঙালী বিহু উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱাৰ সময়ত প্ৰতিগৰাকী অসমীয়াৰ মন আনন্দৰ মাজতো বিষাদেৰে ভৰি পৰিছে। ইয়াৰ মাজতে অনুৰাগীসকলৰ বাবে আহিছে এক আৱেগবিজড়িত খবৰ। জনপ্রিয় সংগীত পৰিচালক মানস ৰবীনৰ এক আন্তৰিক প্ৰয়াসেৰে অতি শীঘ্ৰেই মুক্তি পাবলৈ গৈ আছে পাঁচটা খণ্ডৰ এখন বিশেষ ৱেব ছিৰিজ 'জুবিন-মানসৰ যাত্রা'। 

 

কালি এখন সংবাদমেলৰ জৰিয়তে সংগীত শিল্পী মানস ৰবীনে এই সন্দৰ্ভত সবিশেষ অৱগত কৰে। তেওঁ জানিবলৈ দিয়া অনুসৰি মূলত ২০০৪ আৰু ২০০৫ বৰ্ষৰ স্মৃতিৰ পটভূমিত নিৰ্মাণ কৰা হৈছে এই ৱেব ছিৰিজটো। সেই সময়ছোৱাত জুবিন গাৰ্গ আৰু মানস ৰবীনে শদিয়াৰ পৰা ধুবুৰীলৈ ভ্রমণ কৰি প্ৰতিখন বিহু মঞ্চত যি উন্মাদনাৰ সৃষ্টি কৰিছিল, তাক হুবহু ৰূপত তুলি ধৰা হ'ব এই ছিৰিজত। বিহু মঞ্চৰ অনন্য সংগীত পৰিৱেশন, মঞ্চৰ আঁৰৰ কেতিয়াও নেদেখা বিভিন্ন সৰু-বৰ কাহিনী আৰু ২০ বছৰ পূৰ্বৰ চফল ডেকা জুবিন গাৰ্গৰ সেই বিশেষ মুহূর্ত ইয়াত অন্তর্ভুক্ত কৰা হৈছে। 

 

যিসকলে ২০ বছৰৰ আগৰ জুবিন গাৰ্গক মঞ্চত প্রত্যক্ষ কৰাৰ সুযোগ পোৱা নাছিল, তেওঁলোকৰ বাবে এই ছিৰিজটো হ'ব এক আৱেগিক উপহাৰ। জুবিন গাৰ্গক জীয়াই ৰখাৰ এই প্ৰয়াসৰ জৰিয়তে দৰ্শকে ২০ বছৰ আগৰ অসমখনকো পুনৰ দেখা পাব। মানস ৰবীনে কয়, 'বিহুৰ মঞ্চত জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধ আৰু নিখুঁতভাৱে পৰিৱেশন কৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। জুবিনক জীয়াই ৰখাৰ ই এক সৰু প্রয়াস।' 

 

উল্লেখযোগ্য যে মুঠ পাঁচটা খণ্ডৰ এই ৱেব ছিৰিজটো আগন্তুক বহাগৰ পহিলা দিনাই মুকলি কৰা হ'ব। দৰ্শকে অ'টি টি প্লেটফর্ম 'লুইত' এপত এই ছিৰিজটো উপভোগ কৰিব পাৰিব।

Share This