ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে বৃহস্পতিবাৰে ছিডনী টেষ্টৰ পঞ্চম দিনা অষ্ট্ৰেলিয়া ৫ উইকেটত জয়ী হয়। এই জয়েৰে কেংগাৰু বাহিনীয়ে এছেজ শৃংখলা ৪-১ ব্যৱধানত হস্তগত কৰে। ইয়াৰ আগেয়ে পার্থ, ব্রীছবেন আৰু এডিলেইডত অনুষ্ঠিত প্রথম ৩খন টেষ্টত জয়ী হৈ ঘৰুৱা অস্ট্রেলিয়াই শৃংখলা নিশ্চিত কৰিছিল। মেলবর্নত অনুষ্ঠিত চতুর্থ টেষ্টখনত ইংলেণ্ড জয়ী হৈছিল। ইয়াৰ পাছত বৃহস্পতিবাৰে অন্তিম টেষ্টখনত শেষ হাঁহি মাৰে অষ্ট্ৰেলিয়াই।
টেষ্টখনত জয়ৰ বাবে চতুর্থ ইনিংছত অষ্ট্ৰেলিয়াৰ সন্মুখত আছিল ১৬০ ৰানৰ লক্ষ্য। তেওঁলোকে ৫টা উইকেট হেৰুৱাই জয় সাব্যস্ত কৰে। অৱশ্যে এটা সময়ত অষ্ট্ৰেলিয়াই ১২১ ৰানত হেৰুৱাইছিল ৫টা উইকেট। ধাৰণা কৰা হৈছিল যে ইংলেন্ডে যুঁজ দিব। কিন্তু এলেক্স কেৰী আৰু কেমেৰুণ গ্রীনে ষষ্ঠ উইকেটত অপৰাজিত ৪০ ৰানৰ যুটি বান্ধি দললৈ জয় কঢ়িয়াই আনে। ইয়াৰ আগেয়ে ইংলেণ্ডে পঞ্চম দিনৰ খেল ৮ উইকেটত ৩০২ ৰানৰ পৰা আৰম্ভ কৰে। আলহী ইংলিছ বাহিনীৰ দ্বিতীয় ইনিংছ ৩৪২ ৰানত সমাপ্ত হয়। চতুর্থ দিনা অবিজিত শতৰান গোটোৱা জেকব বেথেলে ১৫৪ ৰানত আউট হয়। অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্ক আৰু বিউ ৱেবষ্টাৰে তিনিটাকৈ উইকেট লাভ কৰে।
জয়ৰ বাবে ১৬০ ৰানৰ পিছ লোৱাৰ পথত ট্রেভিছ হেড (২৯) আৰু জেক ৱেডাৰাণ্ডে (৩৪) অ'পেনিঙৰ যুটিত ৬২ ৰান সংগ্ৰহ কৰে। পিছে জুছ টঙে অগা-পিছাকৈ অ'পেনাৰদ্বয়ক পেভিলিয়নলৈ ওভতাই পঠিয়ায়। ইয়াৰ পাছত প্রথম ইনিংছত শতৰান কৰা ষ্টিভ স্মিথে ১২ ৰান কৰি আউট হয়। আনহাতে, জীৱনৰ অন্তিম টেষ্টৰ ইনিংছত উছমান খাৱাজাই ৬ ৰান কৰে। পঞ্চম উইকেটৰ ৰূপত আউট হোৱা মার্নাছ লাবুছেইনে ৩৭ ৰানৰ বৰঙনি যোগায়। পৰৱৰ্তী পৰ্যায়ত গ্রীন আৰু কেৰীয়ে দলক জয়ৰ লক্ষ্যলৈ তুলি নিয়ে। সংক্ষিপ্ত স্ক'ৰঃ ইংলেণ্ড: ৩৮৪ আৰু ৩৪২। অষ্ট্ৰেলিয়া: ৫৬৭ আৰু ১৬১।