ডিজিটেল ডেস্ক : ৰাজস্থান ৰয়েলছৰ তৰুণ চাঞ্চল্য বৈভৱ সূর্যবংশীয়ে এইবাৰৰ আই পি এলত নিজৰ আক্রমণাত্মক বেটিঙেৰে চমৎকাৰৰ সৃষ্টি কৰিছে। মাত্র ১৫ বছৰীয়া তৰুণ বেটাৰজনে নিজৰ আক্ৰমণাত্মক বেটিঙেৰে এইবাৰৰ আই পি এলত প্রতিটো দলৰ বাবে প্রত্যাহ্বানৰ সৃষ্টি কৰিছে। বৈভৱৰ মাৰমুখী বেটিঙৰ লগতে অসন সন্তান ৰিয়ান পৰাগৰ অধিনায়ক হিচাপে প্ৰদৰ্শন কৰা দক্ষতাই সোণত সুৱগা চৰাইছে। এইবাৰৰ আই পি এলত বৈভৱৰ বেটে এনেধৰণৰ ধুমুহাৰ সৃষ্টি কৰিছে যে বিশ্বৰ আটাইতকৈ বিপজ্জনক তথা আক্রমণাত্মক বলাৰো সাৰি যাব পৰা নাই। এইবাৰ এতিয়ালৈকে খেলা চাৰিখন মেচত বৈভৱে ২০০ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত দুটা অর্ধ শতৰানো আছে। তেওঁৰ ষ্ট্ৰাইক ৰেট হ'ল ২৬৬.৬৬ আৰু ১৮টা চাৰি তথা সমসংখ্যক ছয় তেওঁৰ বেটৰ পৰা ওলাইছে।
বৈভৱৰ বেটিঙৰ প্ৰধান বৈশিষ্ট্য হ'ল তেওঁ আগশাৰীৰ বলাৰৰ আৰম্ভণিতে বল বাউণ্ডেৰী লাইন পাৰ কৰি দিয়াটো। তেওঁ প্রতিযোগিতাখনত এতিয়ালৈকে যশপ্রীত বুমৰাহ, যোছ হেজেলউড, ট্রেন্ট ব'ল্ট আৰু মেট হেনৰীৰ দৰে বিশ্বৰ আগশাৰীৰ বলাৰৰ প্ৰথম বলটোতে বল বাউণ্ডেৰী লাইন পাৰ কৰি দিয়ে। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মেচখনত তেওঁ বুমৰাহৰ প্ৰথম বলটোতে ছয় মাৰে আৰু তেওঁৰ এটা অ'ভাৰত দুটা ছয় মাৰে। ট্রেন্ট ব'ল্টৰ প্ৰথম বলটোতো তেওঁ ছয় মাৰে। ইফালে বৈভৱৰ বিস্ফোৰক বেটিং আৰু ৰিয়ানৰ নেতৃত্বৰ দক্ষতাক এইবাৰ সকলোৱে প্রশংসা কৰিছে, যাৰ বলত দলটোৰ জয়যাত্রা অব্যাহত আছে।
শ্রীলংকাৰ প্রাক্তন অধিনায়ক এঞ্জেলো মেথিউজে এইবুলি ভৱিষ্যদ্বাণী কৰিছে যে ৰাজস্থান ৰয়েলছে এইবাৰ ফাইনেল খেলিব। ইফালে, আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে এতিয়া বৈভৱক ভাৰতীয় দলত স্থান দিয়াৰ দাবী জনাইছে। তেওঁ কয় যে এই বাৰৰ আই পি এলত বৈভৱে সুন্দৰ প্ৰদৰ্শন কৰিছে। তেওঁৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি এই প্রতিভাশালী খেলুৱৈজন নিশ্চিতৰূপত আটাইতকৈ কম বয়সত ভাৰতীয় দলত অভিষেক ঘটাৰ অধিকাৰ আছে।