বাংলাদেশত চৰকাৰে ভাঙিলে দুর্গা মন্দিৰ

dainik janambhumi June 28, 2025

ডিজিটেল ডেস্ক : উচ্ছেদ অভিযানৰ অংশৰূপে বাংলাদেশ চৰকাৰে ৰাজধানী ঢাকাত এটা অস্থায়ী দুর্গা মন্দিৰ ভঙাক লৈ দেশখনৰ হিন্দু সংখ্যালঘুৰ মাজত প্রবল ক্ষোভৰ সৃষ্টি হৈছে। ভাৰত চৰকাৰে এই কাৰ্যৰ গৰিহণা দি কয় যে মহম্মদ ইউনুছৰ চৰকাৰে মন্দিৰ ভাঙিবলৈকে 'অবৈধ ভূমি ব্যৱহাৰ' বুলি অভিযোগ কৰিছে। হিন্দু সম্প্ৰদায়ৰ প্রতিবাদ সত্ত্বেও উক্ত মন্দিৰটো ৰে'লৰ ভূমিৰ ওপৰত নিৰ্মাণ কৰা বুলি অভিযোগ কৰি বৃহস্পতিবাৰে বৃহৎসংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ জোৱানৰ উপস্থিতিত ভাঙি পেলোৱা হয়। 

বাতৰি মতে, বাংলাদেশ ৰে'লৱেৰ ঢাকা সংমণ্ডলৰ উপ-আযুক্ত আৰু ডিভিজনেল ইষ্টেট অফিচাৰে এই সপ্তাহৰ প্ৰথম ভাগত জাৰি কৰা নিৰ্দেশ অনুযায়ী মন্দিৰটো ভাঙি দিয়া হয়। ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে বৃহস্পতিবাৰে সন্ধিয়া বাংলাদেশৰ ঢাকাৰ মন্দিৰটো ভঙাৰ বাবে বাংলাদেশ চৰকাৰক সমালোচনা কৰে। তেওঁ কয়, 'আমি গম পাইছোঁ যে ঢাকাৰ খিলখেতৰ দুর্গা মন্দিৰটো ভাঙিবলৈ উগ্রপন্থীসকলে হৈ-হাল্লা কৰিছিল।' জয়ছোৱালে আৰু কয় যে মন্দিৰটোক সুৰক্ষা দিয়াৰ সলনি অন্তৰ্বর্তী চৰকাৰে 'অবৈধ দখলদাৰী' বুলি দাবী কৰি মন্দিৰ ভাঙিবলৈ অনুমতি দিয়ে। তেওঁ আৰু কয় যে মন্দিৰৰ প্ৰতিমা স্থানান্তৰৰ পূৰ্বেই মন্দিৰ ক্ষতিগ্রস্ত হয়। 

উল্লেখযোগ্য যে ২৪ জুনৰ নিশা মন্দিৰত উগ্র জনতাৰ এটা দল প্ৰৱেশ কৰি আক্ৰমণ কৰিছিল। তেওঁলোকে মন্দিৰ খালী কৰিবলৈ ১২ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল। ইয়াৰ পাছতে বৃহস্পতিবাৰে পুৱা মন্দিৰ ভাঙি পেলোৱা হয়। প্রত্যক্ষদর্শীৰ মতে বুলডজাৰৰ তলত কালী আৰু শিৱৰ প্ৰতিমা চূর্ণ-বিচূর্ণ হৈ যায়।

Share This