ডিজিটেল ডেস্ক: সমাগত দুর্গা পূজাৰ পূৰ্বে ভাৰতীয় মৎস্যপ্রেমীলৈ বেয়া খবৰ আহিছে। চুবুৰীয়া বাংলাদেশে ভাৰতলৈ ইলিছ মাছ ৰপ্তানি বন্ধ কৰিছে। পৰম্পৰাগতভাৱে বাংলাদেশত ভাৰততকৈ অধিক ইলিছ মাছ উৎপাদন হয়।
উল্লেখযোগ্য যে যোৱা ২টা মাহত ভাৰতে বাংলাদেশলৈ প্রায় ৫০০ টন ইলিছ মাছ ৰপ্তানি কৰিছিল, কিন্তু ভাৰতৰ প্ৰয়োজনীয় সময়ত বাংলাদেশে এই হঠকাৰী সিদ্ধান্ত লৈছে। দুয়োখন দেশে পৰম্পৰাগতভাৱে ইলিছ মাছৰ আদান-প্রদান কৰি আহিছে।
বর্তমান সময়ত বাংলাদেশত ইলিছ মাছৰ উৎপাদন ভাৰততকৈ অধিক হয়। কিন্তু বাংলাদেশে এতিয়া ভাৰতক ইলিছ মাছ যোগান ধৰিবলৈ অস্বীকাৰ কৰিছে। পশ্চিম বংগৰ পাইকাৰী মাছ বজাৰৰ ব্যৱসায়ী ছৈয়দ আনোৱাৰে কয় যে বাংলাদেশে হঠাতে ভাৰতলৈ ইলিছ মাছৰ ৰপ্তানি বন্ধ কৰিছে।