ডিজিটেল ডেস্ক : মধ্য প্রাচ্যৰ যুদ্ধৰ ফলত বিশ্বজুৰি তৈল সংকটৰ সৃষ্টি হৈছে। ভাৰততো পৰিছে ইয়াৰ নেতিবাচক প্রভাব। শক্তিৰ ব্যয় হ্রাস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 'বৰ্ক ফ্ৰম হ'ম'কে ধৰি বিভিন্ন পৰামৰ্শও আগবঢ়াইছে। ইতিমধ্যে কেইবাখনো ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শাৱলীও কাৰ্যকৰী কৰা হৈছে। তাৰ মাজতে দেশত অদূৰ ভৱিষ্যতে তেলৰ সংকট দূৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ পদক্ষেপ লৈছে। বংগোপসাগৰত তেল আৰু গেছৰ সন্ধানত বৃহৎ জৰীপৰ আঁচনি গ্রহণ কৰিছে কেন্দ্ৰই।
সাগৰপৃষ্ঠৰ তলত সম্ভাব্য তেল আৰু গেছৰ ভাণ্ডাৰৰ সন্ধানত চলিব এই জৰীপ। এইটো হ'ব যোৱা কেইটামান দশকৰ ভিতৰত সাগৰৰ তলিত ভাৰতৰ সৰ্ববৃহৎ অভিযান। শীঘ্ৰেই জৰীপকাৰী জাহাজে সাগৰৰ তলিত কেইবাহাজাৰ কিল'মিটাৰজোৰা অঞ্চলত খনন আৰম্ভ কৰিব। কেন্দ্রীয় হাইড্র'কার্বন সঞ্চালকালয়ৰ উদ্যোগত এই তৈল সন্ধান কাৰ্যসূচী আৰম্ভ হ'ব। এই ভূতাত্ত্বিক জৰীপত পূব উপকূলীয় বংগ-পূর্নিয়া, মহানদী, কৃষ্ণা-গোদাবৰী, কাবেৰী আৰু আন্দামানৰ সাগৰীয় অঞ্চলক সামৰি লোৱা হ'ব। বংগ-পূর্নিয়া
আৰু মহানদীৰ জৰীপত ৪৫ হাজাৰ লাইন কিল'মিটাৰ অঞ্চল সামৰি লোৱা হ'ব। ঠিক তেনেদৰে আন্দামান অৱবাহিকাৰ ৪৩ হাজাৰ লাইন কিল'মিটাৰ, কৃষ্ণা-গোদাবৰীৰ ৪৩ হাজাৰ লাইন কিল'মিটাৰ আৰু কাবেৰী অৱবাহিকাৰ ৩০ হাজাৰ লাইন কিল'মিটাৰ অঞ্চলত তৈল ভাণ্ডাৰৰ সন্দৰ্ভত চলিব জৰীপ।
দুবছৰৰ ভিতৰত লক্ষাধিক কিল'মিটাৰ অঞ্চলত তেলৰ ভাণ্ডাৰৰ সন্ধানত বৃহৎ অভিযান চলিব। উল্লেখযোগ্য যে ভাৰতে দেশখনৰ বাবে প্রয়োজনীয় খাৰুৱা তেলৰ ৮৫ শতাংশই আমদানি কৰি আহিছে। আনহাতে, দেশখনত প্রয়োজনীয় গেছৰো বৃহৎ অংশ বহিঃৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰিব লগা হয়। যাৰ পৰিণতিত যিকোনো গোলকীয় সংঘাত, খাৰুৱা তেলৰ দাম বৃদ্ধি, ভু-ৰাজনৈতিক সংঘাত আদিয়ে ভাৰতত গেছ আৰু তেলৰ যোগান ব্যাহত কৰি আহিছে। কাৰিকৰী ভাষাত '২ ডি ব্রডবেণ্ড মেৰাইন ছিছমিক এণ্ড গ্রেভিটি-মেগনেটিক ডাটা একুইজিশ্যন, প্রচেছিং এণ্ড ইণ্টাৰপ্রিটেশ্যন' শীর্ষক তৈল জৰীপৰ ফলাফল যদি ইতিবাচক হয় তেন্তে তেল আৰু গেছকে ধৰি ভাৰতৰ শক্তি খণ্ডৰ ভৱিষ্যতেই সলনি হৈ যাব।