ডিজিটেল ডেস্ক: ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ (বিচি চি আই) আজি বার্ষিক নমন বঁটা বিতৰণ সমাৰোহ অনুষ্ঠিত হয়। সমাৰোহত অসম সন্তান দীপজ্যোতি শইকীয়াকো পুৰস্কৃত কৰা হয়।
দীপজ্যোতিক এম এ চিদাম্বৰম টুফীৰে সন্মানিত কৰে। তেওঁ ২০২৪-২৫ বৰ্ষৰ ২৩ বছৰ অনূর্ধ্বৰ কর্নেল চি কে নাইডু ট্রফীৰ প্লেট গ্ৰুপত সর্বাধিক উইকেট দখল কৰাৰ বাবে এই বঁটাৰে পুৰস্কৃত কৰা হ'ব। দীপজ্যোতিয়ে ২০২৪-২৫ বৰ্ষৰ চি কে নাইডুটুফীৰ প্লেট গ্ৰুপত অসমৰ হৈ খেলি ৬খন মেচত ২.৭৫ গড়ে ২৭টা উইকেট দখল কৰিছিল। ইয়াৰ ভিতৰত দুখন মেচত তেওঁ পাঁচটাকৈ উইকেট দখল কৰিছিল।
সমাৰোহত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা প্রাক্তন মুখ্য প্রশিক্ষক ৰাহুল দ্রাভিড, ব'জাৰ বিন্নীক চি কে নাইডু জীৱনজোৰা সাফল্যৰ বঁটাৰে সন্মানিত কৰা হ'ব। আনহাতে, ভাৰতীয় মহিলা ক্রিকেট দলৰ প্ৰাক্তন অধিনায়িকা মিতালী ৰাজক মহিলাৰ বাবে বি চি চি আই জীৱনজোৰা সাফল্যৰ বঁটাৰে সন্মানিত কৰা হ'ব। তিনিওগৰাকীক ২৫ লাখ টকাকৈ নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব।
উল্লেখযোগ্য যে বিচিচি আইৰ প্ৰাক্তন সভাপতি বিন্নী ১৯৮৩ চনৰ বিশ্ব কাপ বিজয়ী ভাৰতীয় দলটোৰ সদস্য আছিল আৰু তেওঁ সেই বাৰ প্রতিযোগিতাত সর্বাধিক সংখ্যক উইকেট দখল কৰিছিল। ইফালে পুৰুষৰ সৰ্বশ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটাৰৰ সন্মান ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গীললৈ আৰু শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্রিকেটাৰৰ বঁটা স্মৃতি মান্ধানালৈ আগবঢ়োৱা হ'ব।
ঘৰুৱা জুনিয়ৰ ক্রিকেটত সর্বশ্রেষ্ঠ মহিলা ক্রিকেটাৰৰ জগমোহন ডালমিয়া ট্রফী আগবঢ়োৱা হ'ব মুম্বাইৰ ইৰা যাদৱে। ইৰাই ১৯ বছৰ অনূর্ধ্বৰ এদিনীয়া টুফীত ৫০০ ৰান, ১৯ বছৰ অনূর্ধ্বৰ টি-২০ প্রতিযোগিতাত ২৫৮ ৰান আৰু টি-২০ চেলেঞ্জাৰ টুফীত ১৪৩ ৰান কৰিছিল। ছিনিয়ৰ ঘৰুৱা ক্রিকেটত সর্বশ্রেষ্ঠ প্রদর্শন কৰা শেফালি বার্মাক জগমোহন ডালমিয়া সর্বশ্রেষ্ঠ মহিলা ক্রিকেটাৰৰ বঁটাৰে সন্মানিত কৰা হ'ব। এইবাৰ মুঠ ৩৩গৰাকীক নমন বঁটাৰে সন্মানিত কৰা হ'ব।