ডিজিটেল ডেস্কঃ জনপ্রিয় অভিনেতা তথা বড়ো সংগীত জগতৰ অগ্ৰণী শিল্পী ফৈলাও বসুমতাৰীৰ (৫৪) মঙলবাৰে নিশা মহানগৰীৰৰ এখন ব্যক্তিগত হস্পিটেলত দেহাৱসান ঘটে। 'ৰেঙণি' চেনেলৰ জনপ্রিয় ধাৰাবাহিক 'বেহাৰবাৰী আউটপ'ষ্ট'ত 'বসু দা'ৰ চৰিত্ৰত অভিনয় কৰি বিপুল জনপ্রিয়তা অর্জন কৰিছিল বসুমতাৰীয়ে।
বিগত কেইবামাহো ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অভিনেতাজন। ইফালে, আজি নিশা প্রাগ নিউজৰ কাৰ্যালয়ৰ চৌহদত অভিনেতাজনৰ নশ্বৰ দেহত প্ৰাগ নিউজ, ৰেঙণি, এন ই নিউজ আৰু দৈনিক জনমভূমিৰ পৰিয়ালৰ ফালৰ পৰা শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। জনপ্রিয় অভিনেতাজনৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন মহলত শোকৰ ছাঁ পৰিছে।