ডিজিটেল ডেস্ক: বিজেপিৰ নেতা শুভেন্দু অধিকাৰীয়ে শনিবাৰে কলকাতাৰ ব্রিগেড পেৰেড গ্রাউণ্ডত পশ্চিম বংগৰ বিজেপি চৰকাৰৰ প্ৰথমজন মুখ্যমন্ত্ৰীৰূপে শপতগ্রহণ কৰে। অধিকাৰীয়ে দিনৰ ১১-৩০ বজাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, নীতিন গডকাৰি, ৰাজনাথ সিং আৰু শিৱৰাজ সিং চৌহানৰ উপস্থিতিত শপতগ্রহণ কৰে।
অসমৰ হিমন্ত বিশ্ব শর্মা, উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ আৰু মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফৰনবিছকে ধৰি বিজেপি-শাসিত ৰাজ্যসমূহৰ ২০জন মুখ্যমন্ত্রী এই শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকে। অধিকাৰীৰ উপৰি পাঁচজন মন্ত্রী ক্রমে প্রাক্তন ৰাজ্যিক সভাপতি দিলীপ ঘোষ, অগ্নিমিত্রা পাল, নীশিথ প্রামাণিক, অশোক কীর্তনীয়া আৰু ক্ষুদিৰাম টুডুৱে শপতগ্ৰহণ কৰে।
উল্লেখযোগ্য যে মন্ত্রীসভাৰ এই গাঁথনিৰে সামাজিক আৰু আঞ্চলিক ভাৰসাম্যৰ বাবে বিজেপিয়ে কৰা প্ৰচেষ্টা প্রকাশ কৰে। কাৰণ এই মন্ত্রীকেইজনৰ ভিতৰত আছে ব্রাহ্মণ, অন্যান্য পিছপৰা শ্রেণী (অ' বি চি), জনজাতি, মাতুৱা আৰু ৰাজবংশী সম্প্ৰদায়ৰ লোক। অধিকাৰী হৈছেব্রাহ্মণ, ঘোষ অ'বিচি, অগ্নিমিত্রা পাল কায়স্থ, কীর্তনীয়া হৈছে মাতুৱা সম্প্ৰদায়ৰ অগ্রণী ব্যক্তি, টুডুবে জনজাতি বেল্ট জংঘল মহলক প্রতিনিধিত্ব কৰে আৰু প্ৰামাণিক হৈছে উত্তৰ বংগৰ প্রভাৱশালী ৰাজবংশী নেতা। বিজেপিৰ এই প্ৰথম কেবিনেটৰ দুজন মন্ত্ৰী উত্তৰ বংগৰ আৰু তিনিজন দক্ষিণৰ।
কালি শপতগ্রহণ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এখন খোলা গাড়ীত প্ৰৱেশ কৰে। তেওঁৰ সৈতে আছিল বিজেপিৰ ৰাজ্যিক সভাপতি সমীক ভট্টাচার্য আৰু গেৰুৱা ছার্ট পিন্ধা শুভেন্দু অধিকাৰী। মঞ্চৰ পৰা প্ৰায় ১০০ মিটাৰ আঁতৰত তেওঁ গাড়ীৰ পৰা নামে আৰু মঞ্চলৈ যায়। মঞ্চত তেওঁ বেঁকা হৈ ৰাইজক ধন্যবাদ জনায়।
অসমৰ আৰ্হি ল'ব বংগৰ মুখ্যমন্ত্ৰীয়ে। অসমৰ আৰ্হি ল'ব পশ্চিম বংগই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিগত পাঁচ বছৰ অসমত যিদৰে কাম কৰিছিল ঠিক একেদৰেই পশ্চিম বংগৰ উন্নয়নৰ বাবে কাম কৰিব ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে। কালি সংবাদ মাধ্যমৰ আগত অধিকাৰীয়ে ড° শৰ্মাৰ কাম-কাজক মুকলিকৈয়ে প্রশংসা কৰি কয়- 'হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাইল আমাৰ ইয়াতো চাৰি তাৰিখৰ পাছত প্রযোজ্য হ'ব। বংগৰ যুৱক-যুৱতীক অধিবক্তা, চিকিৎসক, ইঞ্জিনীয়াৰ বনাম। কিন্তু মৌলবী নবনাওঁ।'
প্রণিধানযোগ্য যে মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ পাছতেই ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত থকা চৰকাৰী সকলো মাদ্ৰাছা বন্ধ কৰি দিছিল। তেওঁ স্পষ্টভাৱে ঘোষণা কৰিছিল যে মাদ্রাছাত লোৱা শিক্ষাই মৌলবীৰহে জন্ম দিয়ে। কাকো ডাক্তৰ, ইঞ্জিনীয়াৰ হিচাপে গঢ়িব নোৱাৰে।' যোৱা পাঁচ বছৰত মুখ্যমন্ত্ৰী শর্মাই অসমত থকা সকলো চৰকাৰী মাদ্ৰাছা বন্ধ কৰাই নহয় বে-চৰকাৰী মাদ্ৰাছা খোলাৰ ক্ষেত্ৰতো কঠোৰ স্থিতি গ্রহণ কৰিছিল।
আনহাতে, চৰকাৰী মাদ্ৰাছাসমূহক চৰকাৰী বিদ্যালয়লৈ পৰিৱৰ্তন কৰি ছাত্ৰ-ছাত্ৰীসকলক আন সাধাৰণ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দৰেই শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। প্ৰথম অৱস্থাত মুখ্যমন্ত্রী ড° শৰ্মাৰ এই সিদ্ধান্তক একাংশ গোড়া মুছলমান দল-সংগঠন, ব্যক্তিয়ে বিৰোধিতা কৰিছিল যদিও ড° শৰ্মাৰ দৃঢ় স্থিতিৰ বাবেই এসময়ত ৰাজ্যত প্রায় ছয়শ মাদ্রাছা বন্ধ হ'ল।
ইফালে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক লৈ দেশজুৰি চৰ্চাও চলিছিল। ইয়াৰ উপৰি মুখ্যমন্ত্রী ড° শৰ্মাই অসমত চৰকাৰী ভূমিত চলি থকা দখলৰ বিৰুদ্ধে ব্যাপক উচ্চেদ চলোৱাৰ লগতে গো-মাংসৰ প্রচলনৰ ক্ষেত্ৰতো কঠোৰ আইন প্ৰণয়ন কৰিছিল। ইয়াৰ পাছতেই এতিয়া বংগৰ বিজেপি চৰকাৰৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্রী ড° শৰ্মাৰ ষ্টাইলত কাম কৰিব বুলি কৰা ঘোষণা লক্ষণীয় হৈ পৰিছে।
ইফালে মুখ্যমন্ত্রীৰূপে শপতগ্ৰহণ কৰাৰ পাছত শুভেন্দু অধিকাৰী কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাসভৱন জোড়াসাঁকোৰ ঠাকুৰবাড়ীলৈ যায়। অধিকাৰীয়ে কয়, 'ৰবীন্দ্ৰনাথ ঠাকুৰ অবিহনে বাঙালী সংস্কৃতিৰ কথা ভাবিব নোৱাৰি। আমি তেওঁৰ জন্মবার্ষিকীত এক নতুন যুগ আৰম্ভ কৰিছোঁ।'