ডিজিটেল ডেস্ক : বছৰটোৰ শেষৰ ফালে অসমীয়া চলচ্চিত্র জগতলৈ আহিল আন এটা ভাল খবৰ। কানাডাৰ এলবার্টাত অনুষ্ঠিত দ্বাদশ ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অব্ এলবার্টা (IFFA) ২০২৬ত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে অসমীয়া চলচ্চিত্র 'ৰোমাণ্টিক এফেয়াৰ্ছ'-এ। এই বঁটাই অসমীয়া চলচ্চিত্ৰক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ মানচিত্ৰত পুনৰ এবাৰ উজলাই তুলিলে।
উল্লেখযোগ্য যে ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অব্ এলবার্টা হৈছে উত্তৰ আমেৰিকাৰ অন্যতম গুৰুত্বপূৰ্ণ ভাৰতীয় চলচ্চিত্র মহোৎসৱ। এই মহোৎসৱত প্ৰতিবছৰে ভাৰতৰ বিভিন্ন ভাষাৰ শ্ৰেষ্ঠ ছবিসমূহ প্রদর্শিত হয়। আঞ্চলিক ভাৰতীয় চিনেমাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই মহোৎসৱত এইবাৰ অসমীয়া ছবি 'ৰোমাণ্টিক এফেয়াৰ্ছ'-এ শ্রেষ্ঠ ছবিৰ সন্মান অর্জন কৰাটো অসমৰ বাবে নিঃসন্দেহে গৌৰৱৰ বিষয়। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্র নির্মাতা মঞ্জুল বৰুৱাৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে নিৰ্মিত ছবিখনৰ প্ৰযোজনা কৰিছে এ এম টেলিভিছনৰ বেনাৰত ড° সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণে। নৱ প্ৰজন্মৰ, বিশেষকৈ কৈশোৰ অৱস্থাৰ এক সংবেদনশীল কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী, চিত্রনাট্য আৰু সংলাপ মঞ্জুল বৰুৱাৰ। কৈশোৰৰ কোমল অনুভূতি, প্রেম, বন্ধুত্ব, পৰিয়ালৰ সৈতে সম্পৰ্কৰ টানাপোৰেণ আৰু নতুন প্ৰজন্মৰ মানসিক জগতখনক অতি সাৱলীল আৰু বাস্তৱসন্মতভাৱে ছবিখনত তুলি ধৰা হৈছে।
আজিৰ সময়ত যেতিয়া কৈশোৰৰ মনোজগত, সামাজিক মাধ্যমৰ প্ৰভাৱ আৰু সম্পৰ্কৰ জটিলতাই সমাজত ব্যাপক চর্চা লাভ কৰিছে, তেনে সময়তে 'ৰোমাণ্টিক এফেয়াৰ্ছ'-এ এই বিষয়বোৰক অতি মার্জিত আৰু শিল্পসন্মতভাৱে দাঙি ধৰিছে। সেয়ে ছবিখনে কেৱল অসমতে নহয়, দেশ-বিদেশৰ দৰ্শকৰ মাজতো বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। এলবার্টাত সন্মানিত হোৱাৰ পূর্বেও ছবিখনে আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত যথেষ্ট প্রশংসা বুটলিবলৈ সক্ষম হৈছিল। নিউয়র্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ২০২৬ত ছবিখনে শ্রেষ্ঠ ছবি আৰু শ্রেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰিছিল। ইয়াৰ উপৰি মুম্বাইৰ ২২সংখ্যক থার্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল আৰু দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱতো ছবিখন প্রদর্শিত হৈ দর্শক আৰু সমালোচকৰ সমাদৰ লাভ কৰিছিল।