ভূটানৰ চোনম য়েশ্বীৰ বিশ্ব অভিলেখ, টি-২০ত ৮ উইকেট দখল

dainik janambhumi December 30, 2025

ডিজিটেল ডেস্ক: ভূটানৰ বাওঁহতীয়া স্পীনাৰ চোনম য়েশী আন্তঃৰাষ্ট্ৰীয় অথবা আন কোনো টি-২০ মেচত ৮টা উইকেট দখল কৰা প্রথমগৰাকী বলাৰ হিচাপে পৰিগণিত হৈছে। শুকুৰবাৰে গেলেফু মাইণ্ড ফুলনেছ চিটিত ম্যানমাৰৰ বিৰুদ্ধে তৃতীয় টি-২০ মেচখনত ২২ বছৰীয়া চোনমে এই কৃতিত্ব অর্জন কৰে। 

ভূটানে প্রথমে বেট ধৰি ৯ উইকেটত ১২৭ ৰান কৰে। পৰৱৰ্তী সময়ত চোনমে নিজৰ ৪ অ'ভাৰত ৭ ৰান খৰচ কৰি দখল কৰা ৮টা উইকেটৰ সহায়ত ম্যানমাৰক ৪৫ বানতে সীমিত ৰাখে ভূটানে। চোনমৰ আগেয়ে পুৰুষৰ টি-২০ আন্তঃর্জাতিক ক্রিকেটত মাত্র দুগৰাকী বলাৰে ৭টা চিকাৰৰ অভিলেখ গঢ়িছিল। ছিয়াজৰুল ইছ (২০২৩ চনত চীনৰ বিৰুদ্ধে মালয়েছিয়াৰ হৈ ৮ ৰানত ৭টা উইকেট) আৰু আলী ডাউদে (২০২৫ চনত) ভূটানৰ বিৰুদ্ধে বাহৰেইনৰ হৈ ১৯ ৰানত ৭ উইকেট দখল কৰিছিল। চোনমে ২০২২ চনৰ জুলাইত মালয়েছিয়াৰ বিৰুদ্ধে টি-২০ ক্রিকেটত অভিষেক ঘটাইছিল। অতি কম সময়ৰ ভিতৰতে ১৬ ৰানত ৩টা উইকেট দখল কৰি দৃষ্টি কাঢ়িছিল চোনমে। এই পর্যন্ত ৩৪খন টি-২০ ক্রিকেটত তেওঁ দখল কৰিছে ৩৭টা উইকেট।

Share This