ডিজিটেল ডেস্ক : পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ বিজেপিয়ে নতুন নতুন কৌশল অৱলম্বন কৰিছে। ৰাজ্যখনৰ তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰক গাদীচ্যুত কৰিবৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে বিজেপিৰ আন শীর্ষ নেতসকলেও নন কৌশল অৱলম্বন কৰিছে। সোমবাৰে পশ্চিম বংগৰ জনতাক উদ্দেশ্যি প্রধানমন্ত্রী মোদীয়ে এখন আৱেগিক-পত্ৰ প্ৰেৰণ কৰিছিল।
একপ্ৰকাৰ ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে ৰণডংকা ৰজাই প্রধানমন্ত্রী মোদীয়ে তেওঁৰ পত্ৰখনত 'জয় মা কালী' ধ্বনি দিয়ে। মোদীয়ে 'জয় মা কালী' বুলি উল্লেখ কৰি বিজেপিয়ে ৰাজ্যখনৰ হিন্দু ভোটাৰসকলক আকৰ্ষণ কৰাৰ এটা স্পষ্ট বার্তা দিয়ে। পূৰ্বৰ 'জয় শ্রীৰাম' মন্ত্ৰৰ পৰা হঠাতে 'জয় মা কালীলৈ পৰিবৰ্তন হোৱাটোৱে প্রধানমন্ত্রী মোদীৰ ৰাজনৈতিক বিচক্ষণতাক পুনৰ প্রমাণিত কৰিলে।
উল্লেখযোগ্য যে পশ্চিম বংগৰ জনতাৰ মনত 'মা কালী' আৰু 'মা দুর্গা' গভীৰভাৱে সোমাই আছে। সেই বাবে ৰাজ্যখনৰ হিন্দু ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ প্রধানমন্ত্রী মোদীয়ে এই নতুন ৰণকৌশল লৈছে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত ব্যক্ত কৰিছে।