হাজাৰ হাজাৰ লোক লগত লৈ বিশাল সমদলেৰে নহয়, এক ব্যতিক্ৰমী ৰূপত মনোনয়ন দাখিলৰ প্ৰস্তুতি বিজেপিৰ ৰণজিৎ কুমাৰ দাসৰ

Nikimoni Kachari March 20, 2026

ডিজিটেল ডেস্ক: শুকুৰবাৰে বজালী জিলাৰ পাঠশালাত মনোনয়ন দাখিল কৰিব ৰণজিৎ কুমাৰ দাসে।  পিছে বিশাল সমদলেৰে নহয়, মাথোঁ কেইজনমান দলীয় শুভাকাংক্ষীৰ সৈতে মনোনয়ন দাখিল কৰিব তিনিবাৰৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে। 

মনোনয়ন পৰ্বত ভিৰ কৰাৰ পৰিৱৰ্তে শুকুৰবাৰে ভৱানীপুৰ-সৰভোগ সমষ্টিৰ ৯০০খন সত্ৰ, মঠ, মন্দিৰ, দেৱালয়, বাথৌ মন্দিৰ আদি উপাসনাস্থলীত দলৰ কৰ্মী, সমৰ্থকসকলে আগবঢ়াব শৰাই। 

সমষ্টিটোৰ ৯০০টা আধ্যাত্মিকস্থলীত বিজেপিৰ প্ৰায় ১৮ হাজাৰ কাৰ্যকৰ্তাই শৰাই আগবঢ়াই ৰণজিৎ কুমাৰ দাসৰ জয়ৰ বাবে সেৱা জনাব। 

নিজৰ মনোনয়ন দাখিলক লৈ এই মন্তব্য বিজেপি প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসৰ।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This