ডিজিটেল ডেস্ক: অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পার্টিয়ে অহা ১৬ বা ১৭ মার্চত প্রার্থী তালিকা ঘোষণা কৰিব।
কালি বজালী, টিহু আৰু নলবাৰীত জন আশীর্বাদ যাত্রাত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই কথা জনায়। তেওঁ কয় যে নতুন দিল্লীত বিজেপিৰ কেন্দ্রীয় নেতৃত্বই ১৬ অথবা ১৭ মার্চত দলীয় প্রার্থী তালিকা ঘোষণা কৰিব। এইখনেই হ'ব চূড়ান্ত প্রার্থী তালিকা। আনহাতে, ৰাজ্যত পুনৰ বিজেপিৰ চৰকাৰ হ'লে আৰু দুই লাখ লোকক নিযুক্তি দিয়া হ'ব বুলিও তেওঁ ঘোষণা কৰে।
উল্লেখযোগ্য মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ কালি অন্তিম দিন। এই অন্তিম দিনত মুখ্যমন্ত্রী ড° শৰ্মাই বজালীৰ পৰা টিহু সমষ্টিত প্রৱেশ কৰে। তেওঁ কৈঠালকুছি-চামতা হৈ নলবাৰীলৈ যাত্ৰা কৰে। এই আশীর্বাদ যাত্ৰাত পথৰ দুয়োকাষে লাখ লাখ সমৰ্থকৰ পাৰভঙা উছাহ পৰিলক্ষিত হয়। পথে পথে পুৰুষ আৰু মহিলাসকলে মুখ্যমন্ত্ৰীক ফুল ছটিয়াই অভিনন্দন জনায়।
মুখ্যমন্ত্ৰীৰ সৈতে বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও আছিল। কালি নিশা নলবাৰীৰ গণেশ মন্দিৰ চ'কত এই জন আশীর্বাদ যাত্ৰাৰ সামৰণি পৰে।