প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন

Rashmi June 13, 2025

ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত সকলোৱে এনে খাদ্য গ্ৰহণ কৰা উচিত, যিয়ে আপোনাৰ শৰীৰটো সক্ৰিয় কৰি ৰাখে। গ্ৰীষ্মকালত স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বান আহি পৰে। গ্ৰীষ্মকালত নিজৰ জীৱনশৈলীৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন। গ্ৰীষ্মকালত দিনটো কেনেকৈ আৰম্ভ কৰিব সেয়া অতিকৈ গুৰুত্বপূৰ্ণ। জানো আহক প্ৰচণ্ড ৰ’দতো শৰীৰটোক‌ কেনেকৈ গৰমৰ প্ৰভাৱৰ পৰা আঁতৰত ৰাখিব পাৰি-

ফলমূল আৰু সেউজীয়া শাক-পাচলি গ্ৰহণ - ফলমূল আৰু সেউজীয়া শাক-পাচলিয়ে শৰীৰটোক অত্যধিক গৰমৰ পৰা মুক্ত কৰি ৰাখে। সেয়ে ব্ৰেকফাষ্টত সতেজ ফলমূল আৰু শাক-পাচলি খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। 

নিয়মিত ব্যায়াম - গৰমৰ দিনত খোজ কঢ়া বা যোগাসনৰ দৰে পাতল ব্যায়াম কৰিব লাগে যিয়ে প্ৰচণ্ড গৰমৰ পৰা সকাহ দিয়ে। লগতে নিয়মিত ব্যায়ামে শৰীৰটোক সক্ৰিয় কৰি ৰাখে আৰু ৰাতিপুৱাৰ বিশুদ্ধ ঠাণ্ডা বতাহৰ ফলত আপোনাৰ মানসিক চাপো কম হ'ব।

অত্যধিক পানী খাব লাগে - গ্ৰীষ্মকালত  ৰাতিপুৱা পানী খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। অত্যধিক পানী খালে নিজকে হাইড্ৰেটেড কৰি ৰাখিব পাৰিব। আৰু বাহিৰলৈ ওলাই গ’লে পানীৰ বটল এটা লগত ৰাখক।

Share This