ডিজিটেল ডেস্কঃ ২০২৩ চনত মুম্বাইত বলিউড অভিনেতা শ্বাহৰূখ খানৰ বাংলো ‘মন্নত’ত সোমাইছিল এটা চোৰ৷ সেই চোৰটোক এতিয়া গুজৰাটৰ ভাৰুচত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, মহানগৰীৰ এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ ঘৰত চুৰিৰ গোচৰত ২১ বছৰীয়া ৰাম স্বৰূপ কুশৱাহাক গ্ৰেপ্তাৰ কৰা হৈছে।
অভিযুক্ত ৰাম স্বৰূপ কুশৱাহাই জেৰাৰ সময়ত আৰক্ষীক জনোৱা মতে, ইয়াৰ পূৰ্বে তেওঁ মুম্বাইৰ বান্দ্ৰা অঞ্চলত ছুপাৰষ্টাৰ শ্বাহৰূখ খানৰ ঘৰ মন্নতত প্ৰৱেশ কৰিছিল৷ কিন্তু নিৰাপত্তাৰক্ষীয়ে তেওঁৰ চুৰি কাৰ্য সফল হ’বলৈ দিয়া নাছিল৷
শেহতীয়াকৈ চোৰটোৰ হাতৰ পৰা ২.৭৪ লাখ টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
আপোনালোকক জনাওঁ যে মহাৰাষ্ট্ৰৰ ৰাজধানী বান্দ্ৰা আৰক্ষী থানাত চোৰটোৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত বেদখলৰ গোচৰ ৰুজু হৈছিল।
উৎসঃপ্ৰাগ নিউজ ডিজিটেল