বলিউডৰ অন্যতম মৰমলগা দম্পতীৰ আজি ১০ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন

Kakali Deka January 25, 2025

ডিজিটেল ডেস্ক : বলিউডৰ অন্যতম মৰমলগা দম্পতী ছোহা আলী খান আৰু কুনাল খেমুৱে আজি (২৫ জানুৱাৰী) তেওঁলোকৰ ১০ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰিছে। অনুৰাগীসকলৰ মাজত  পৰিচিত এওঁলোক,  সদায়ে ইজনে সিজনৰ প্ৰতি মৰম আৰু স্নেহ দেখুৱাই আহিছে। বিবাহৰ এই বিশেষ দিনটোত ছোহাই ইনষ্টাগ্ৰামত হৃদয়স্পৰ্শী ভিডিঅ’ শ্বেয়াৰ কৰি স্বামী কুনালক এক স্নেহভৰা  আৰু বিশেষ শুভেচ্ছা বাৰ্তা জনাইছে।

ছোহাই শ্বেয়াৰ কৰা ভিডিঅ’টোত তেওঁলোকৰ বহুতো স্মৰণীয় মুহূৰ্ত দেখা গৈছে। ভিডিঅ’টোৰ আৰম্ভণিতে তেওঁলোকৰ বিবাহৰ শুভক্ষণৰ দৃশ্য দেখা যায়, তাৰ পাছতেই ইজনে সিজনক সাবটি ধৰা, পাৰ্টিত আনন্দ কৰা,  পৰিয়ালৰ লগত ছুটী উপভোগ কৰা মুহূৰ্তবোৰ দেখুওৱা হৈছে। ভিডিঅ’টোৰ অন্তত কুনালক এক ধেমেলীয়া পাউট দিয়া দেখা গৈছে, যিয়ে সমগ্ৰ ভিডিঅ’টোক আৰু অধিক মৰমলগা কৰি তুলিছে৷ 

ছোহাই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলে এওঁলোকক শুভেচ্ছা জনাবলৈ আৰম্ভ কৰে। আনহাতে ছোহাৰ ভগ্নী ছাবা পাটাউদিয়ে কমেণ্ট কৰি বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনায়, লগতে ছফী চৌড্ৰীয়েও "লটছ অব্ লাভ" বুলি কমেণ্ট কৰে। লগতে আন বহু অনুৰাগীয়েও এওঁলোকক বিবাহ বাৰ্ষিকীৰ অভিনন্দন জনায়।

ইয়াৰ আগতেও ছোহা আলী খানে ইনষ্টাগ্ৰামত মালদ্বীপত পৰিয়ালৰ সৈতে ছুটী উপভোগ কৰা বিশেষ কিছু মুহূৰ্ত শ্বেয়াৰ কৰিছিল, য’ত তেওঁৰ স্বামী কুনাল আৰু কন্যা ইনায়াৰ সৈতে তেওঁক আনন্দ  কৰি থকা দেখা গৈছিল। এখন ছবিত ছোহাক ট্ৰাইচাইকেল চলাই থকা দেখা গৈছে আৰু কুনালকো জেলেটো উপভোগ কৰা আৰু বীচ্চত পৰিয়ালটোক একেলগে প'জ দিয়া দেখা গৈছিল। এওঁলোকে সদায় পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ ভাল পায়, যিয়ে অনুৰাগীসকলৰ  হৃদয়ত এক বিশেষ স্থান দখল কৰিছে।      
উল্লেখযোগ্য যে ২০১৫ চনৰ ২৫ জানুৱাৰীত ছোহা আলী খান আৰু কুনাল খেমুৱে বিবাহপাশত আবদ্ধ  হৈছিল। ২০১৭ চনত তেওঁলোকৰ কন্যা ইনায়া নৌমি খেমুৰ জন্ম হয়। এই দম্পতীয়ে একেলগে ধোণ্টে ৰেহ জাওগে, ৯৯ আৰু গোৱা গ’ন ছবিত অভিনয় কৰিছে। আজিৰ এই বিশেষ দিনটোত  এওঁলোকৰ এই মৰমপূৰ্ণ যাত্ৰাৰ ১০ বছৰ উদযাপন কৰি অনুৰাগীসকলে তেওঁলোকক আগন্তুক দিনবোৰৰ বাবে শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছে।

Share This