খলনায়কৰ ৰূপত ব্রাজিলৰ ৰেফাৰী, প্রথম মেচতেই তিনিখন ৰঙা কার্ড

dainik janambhumi June 13, 2026

ডিজিটেল ডেস্ক : দক্ষিণ আফ্রিকা আৰু মেক্সিকোৰ মাজৰ বিশ্বকাপৰ বৃহস্পতিবাৰে উদ্বোধনীৰ মেচখনত ৩ ফুটবলাৰক ৰঙা কার্ড দেখুৱাই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে ব্রাজিলৰ ৰেফাৰী উইল্টন চাম্পাইয়ো। ৪৪ বছৰীয়া ৰেফাৰী উইল্টনৰ কঠোৰ মেচ পৰিচালনাৰ বাবেই ফুটবলৰ স্বাভাৱিক ছন্দ নষ্ট হোৱা বুলি বহুতেই মত পোষণ কৰিছে। তেওঁৰ একাধিক সিদ্ধান্তক লৈ প্রশ্ন উঠিছে। 

আন্তর্জাতিক ফুটবলত উইল্টন অপৰিচিত নহয়। এক দশকৰ অধিক সময়জুৰি তেওঁ ফিফা ৰেফাৰী হৈ আছে। বিভিন্ন আন্তর্জাতিক প্রতিযোগিতা পৰিচালনা কৰিছে। যোৱা দুখন বিশ্বকাপতো তেওঁ ৰেফাৰীৰ দায়িত্বত আছিল। শুকুৰবাৰে খেলখনত প্ৰথম ৰঙা কার্ড দেখুৱায় ৬৫ মিনিটত। সেইটো সিদ্ধান্তক লৈ কোনো প্রশ্ন উঠা নাছিল। ব্রায়ান গুটিয়েৰেজে প্রায় গ'ল দিছিলেই। তেওঁক পিছফালৰ পৰা ফাউল কৰে য়ায়া চিথোলে। প্রথমে ভবা হৈছিল যে পেনাল্টি দিয়া হ'ব। কিন্তু ফ্রী-কিক্ প্ৰদান কৰা হয়। ইয়াৰ পাছত ৮৫ মিনিটত বল ক্লীয়াৰ কৰিবলৈ যাওঁতেই এনজোৱানে ঠেলা মাৰে আৰভাৰাল্ডোক। 

ৰেফাৰীয়ে প্রথমে কোনো ব্যৱস্থা নল'লে। ইয়াৰ পাছত ভাৰৰ জৰিয়তে ৰেফাৰী উইল্টনে ৰঙা কার্ড দেখুৱায় এনজোৱানক। খেলখনত তেনেদৰেই দক্ষিণ আফ্রিকাই ৯জনৰে খেলিবলগীয়া হয়। শেষৰফালে উইল্টনে মেক্সিকোৰ ছিজাৰ মণ্টেছক ৰঙা কার্ড দেখুৱাই খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়ে।

Share This