শৌলমাৰী-চাকলা সংযোগী বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়াত

dainik janambhumi March 08, 2026

ডিজিটেল ডেস্ক : বঙাইগাঁও জিলাৰ নৱগঠিত ১৭ নং সৃজনগ্রাম বিধানসভা সমষ্টিৰ অন্তৰ্গত শৌলমাৰী-চাকলা সংযোগী পোকালাগী নদীৰ ওপৰত থকা বাঁহৰ দলঙে জলা-কলা খোৱাইছে কেইবাখনো গাঁওবাসীক। এই ঠাইখনত আজিলৈকে এখন পকী বা কাঠৰ দলং নিৰ্মাণ নোহোৱাৰ ফলত যমৰ যাতনা ভুগিছে সাধাৰণ ৰাইজৰ লগতে পথচাৰীয়ে। প্রতিদিনে জীৱনটো হাতৰ মুঠিত লৈ বিপদসংকুলভাবে যাত্রা কৰিবলগীয়া হয় স্থানীয় ৰাইজে। বাৰম্বাৰ স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক কাকুতি মিনতি কৰিও সুফল লাভ নকৰিলে গাঁওবাসীয়ে। 

উপায়হীন হৈ গাঁওবাসীয়ে গাঁঠিৰ ধন খৰছ কৰি প্ৰতি বছৰে বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে দলঙৰ ওপৰেদি চি কে মহাবিদ্যালয় চাকলা, চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে। বানপানীৰ সময়ত প্রায় ৫/৭খন গাঁৱৰ জনসাধাৰণৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ যাতায়াত বন্ধ হৈ পৰে। ফলত চাৰি কিল'মিটাৰ ঘূৰি যাব লগা হয় বিদ্যালয়-মহাবিদ্যালয়লৈ। 

জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত হৈ আছে কেইবাখনো গাঁওবাসীয়ে। ইয়াৰ পাছতো আজিলৈকে এখন দলং নির্মাণ নহ'ল ঠাইখনত। স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে ঠাইখনত এখন দলং নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই বুলি ক্ষোভ প্রকাশ কৰে ৰাইজে। শীঘ্রেই ঠাইখনত এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে ভুক্তভোগীয়ে।

Share This