বিপদসংকুলৰ মাজেৰে ৰাইজৰ যাতায়াত, ৰাংগাপানী-বজাৰ পথৰ দলং বিধ্বস্ত

dainik janambhumi June 02, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ বাট-পথ আৰু দলং নিৰ্মাণ আৰু মেৰামতিৰ বাবে চৰকাৰে কোটি কোটি টকা আবণ্টন দি আহিলেও আজিও একাংশ অঞ্চলৰ বাট-পথ আৰু দলঙৰ কোনো উন্নয়ন যে নহ'ল, সেয়া কামৰূপ জিলাৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলী-টুপামৰী জিলা পৰিষদ এলেকাৰ বাট-পথ আৰু দলঙৰ বিধ্বস্ত অৱস্থা চালেই সহজে অনুমেয় হয়। 

জিলা পৰিষদ এলেকাৰ একাধিক পথ আৰু দলঙৰ পুতৌলগা অৱস্থাৰ বাবে ৰাইজে দীর্ঘদিনৰে পৰা যাতায়াতৰ ক্ষেত্ৰত চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে। বাট-পথৰ লগতে বিশেষকৈ অঞ্চলটোৰ দক্ষিণ ৰাংগাপানী ই এণ্ড ডি মথাউৰি-ৰাংগাপানী বজাৰ সংযোগী বিধ্বস্ত কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ উপক্ৰম হৈ পৰিছে। 

জৰাজীৰ্ণ কাঠৰ দলংখনৰ ওপৰেদি যাতায়াত কৰোঁতে ইতিমধ্যে বহুতো বাইক আৰু চাইকেল আৰোহীয়ে দুর্ঘটনাত পতিত হ'বলগীয়া হৈছে। দলংখনৰ বিধ্বস্ত অৱস্থাৰ বাবে যিকোনো মুহূৰ্তত পথচাৰীয়ে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ভুগিছে অঞ্চলটোৰ ৰাইজে। ইমানৰ পাছতো ৰাইজে দলংখন মেৰামতি তথা পকীকৰণৰ বাবে বাৰম্বাৰ জনোৱা দাবীৰ প্ৰতি চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষই ন্যূনতম গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। সম্প্রতি বৃহত্তৰ অঞ্চলটোৰ প্ৰায় দহখন গাঁৱৰ ৰাইজ, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন স্তৰৰ লোকে নিতৌ দলংখনৰ ওপৰেদি এক বিপদসংকুল পৰিৱেশৰ মাজেৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। 

এনে বিপদসংকুল যাতায়াত ব্যৱস্থাক লৈ অধিক চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজে। শীঘ্রে অঞ্চলটোৰ ৰাইজৰ সুচল যাতায়াতৰ স্বার্থত সদাব্যস্ত পথটোত থকা কাঠৰ দলংখন মেৰামতি তথা পকীকৰণৰ কাম আৰম্ভ কৰিবলৈ অসম চৰকাৰ, বিভাগীয় কর্তৃপক্ষ, ছমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্রক দাবী জনাইছে।

Share This