ভাৰতীয় জোৱানক বলপূৰ্বক অপহৰণ বাংলাদেশীৰ 

dainik janambhumi June 06, 2025

ডিজিটেল ডেস্কঃ সন্দেহযুক্ত বাংলাদেশী অনুপ্ৰৱেশকাৰীক সোধা-পোছা কৰি থকাৰ সময়ত পশ্চিম বংগৰ মুৰ্ম্মিদাবাদ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ চান্দনী চকৰ পৰা বুধবাৰে পুৱা এজন বি এছ এফৰ জোৱানক বলপূর্বক বাংলাদেশৰ ভিতৰলৈ লৈ যোৱা হয়।

 বি এছ এফৰ ৭১ নং বেটেলিয়নৰ জোৱান শ্রীগণেশক বাংলাদেশী নাগৰিকৰ এটা দলে বলপূর্বক বাংলাদেশৰ সীমাৰ ভিতৰলৈ লৈ যায়। বি এছ এফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বি এছ এফৰ জোৱানজনক বন্দী কৰি বাংলাদেশৰ চপাই নৱাবগঞ্জ জিলাৰ সত্ৰছিয়া গাঁৱত ৰখা হৈছিল। 

ইয়াৰ পাছতে জোৱানজনক বাংলাদেশৰ গাঁওখনত এডাল কলগছত বান্ধি তেওঁৰ ভিডিঅ' বনায় বাংলাদেশীয়ে। এই ভিডিঅ'টো সামাজিক মাধ্যমত ব্যাপকভাবে ভাইৰেল হয় জোৱানজনক শাৰীৰিক নির্যাতনো চলোৱা হয় আৰু পাছত তেওঁক ব'ৰ্ডাৰ গার্ড বাংলাদেশক (বি জি বি) গতাই দিয়া হয়। ইয়াৰ পাছতেই দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত ফ্লেগ মিটিং অনুষ্ঠিত কৰা হয় প্রায় দুঘণ্টাৰ ভিতৰত। এই ফ্লেগ মিটিঙৰ পাছতেই জোৱানজনক ভাৰতীয় কর্তৃপক্ষক গতাই দিয়ে বি জি বিয়ে। বি এছ এফে এই সমগ্র ঘটনাটোৰ বিষয়ত তদন্ত অব্যাহত ৰাখিছে।

Share This