তৃতীয় টেষ্টত খেলিব বুমৰাহে

dainik janambhumi July 08, 2025

ডিজিটেল ডেস্ক : লর্ডছত ১০ জুলাইত আৰম্ভ হ'ব ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্ট। ৫খনীয়া শৃংখলাৰ গুৰুত্বপূৰ্ণ টেষ্টখনত বেগী বলাৰ যশপ্রীত বুমৰাহক দেখিবলৈ পোৱা যাব। অধিনায়ক শুভমন গীলে তৃতীয় টেষ্টখনত বুমৰাহে অৱশ্যেই খেলিব বুলি জানিবলৈ দিছে। লীডছৰ প্ৰথম টেষ্টত খেলাৰ পাছত বুমৰাহক এজবাস্টন টেষ্টৰ বাবে জিৰণি দিয়া হয়। বুমৰাহৰ স্থানত দলভুক্ত হোৱা আকাশদীপে সুযোগ কামত লগাই দুই ইনিংছ মিলি ১০টা উইকেট দখল কৰে। লীডছত দুৰন্ত বলিং কৰিছিল বুমৰাহে। ইয়াৰ তুলনাত মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ নিষ্প্রভ আছিল। 

প্রথম টেষ্টখনত পৰাজিত হয় ভাৰত। অৱশ্যে, দ্বিতীয় টেষ্টত ছিৰাজ আৰু আকাশদীপ বলিঙত উজলি উঠে। পিছে পুনৰ ব্যৰ্থ হয় প্রসিদ্ধ কৃষ্ণ। বুমৰাহ দললৈ উভতি আহিলে প্রসিদ্ধ কৃষ্ণ বাদ পৰিব পাৰে। কিয়নো ছিৰাজে উভয় ইনিংছ মিলি ৭টা উইকেট লাভ কৰে। আনহাতে, দ্বিতীয় টেষ্টত নায়ক হৈ উঠে আকাশদীপ। দুটা ইনিংছত তেওঁ দখল কৰে ১০টা উইকেট। 

সেয়ে, ছিৰাজ আৰু আকাশদীপ বাদ পৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। বাকী থাকিল প্রসিদ্ধ কৃষ্ণ। প্রথম ইনিংছত ব্যর্থ হোৱা প্রসিদ্ধই দ্বিতীয় ইনিংছত ক্ৰিছ ৱাকছৰ ৰূপত লাভ কৰে ১টা উইকেট। সেই ক্ষেত্রত প্রশিক্ষক গৌতম গম্ভীৰৰ প্রিয়পাত্ৰ হ'লেও দলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি প্রসিদ্ধ কৃষ্ণ বাদ পৰাৰ সম্ভাৱনাই অধিক। অর্থাৎ লর্ডছত তিনি পেচাৰ লৈ নামিব ভাৰতে। অলৰাউণ্ডাৰ হিচাপে নীতিশ ৰেড্ডীয়ে পুনৰ সুযোগ পাব পাৰে।

Share This